পৃষ্ঠা:Kirtan Ghosha.pdf/৫০৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯২
[ খণ্ড ২৩
কীৰ্ত্তন-ঘোষা

শয়নে ভোজনে স্নানে তোমাৰ ৰহস্য-স্থানে
 সদা সেৱা কৰি থাকো আমি।
তুমি জীৱ তুমি প্ৰাণ তুমি বিনা নাহি আন
 কিমতে বৰ্ত্তিবো আৱে স্বামী॥
অৱশেষ উপহাৰ ছাড় বস্ত্ৰ-অলঙ্কাৰ
 তোমাৰেসে পিন্ধো সৰ্ব্বদায়।
তোমাৰ উচ্ছিষ্ট খায়া তৰিবো দুস্তৰ মায়া
 হেনসে আছিল অভিপ্ৰায়॥ ২৮
যোগীগণে শ্ৰম কৰি প্ৰবন্ধে সমাধি ধৰি
 সৱে কৰ্ম্ম-বন্ধ কৰি ক্ষীণ।
তেজিয়া সংসাৰ-নয় দেখে সৱে ব্ৰহ্মময়
 তেবেসে তোমাত যায় লীন॥
আমি যত গৃহ-বাসী কৰ্ম্ম-পথে ভ্ৰমো আসি
 ভজিলোহো চৰণ তোমাৰ।
তোক হিয়াত স্মৰি তোমাৰ কীৰ্ত্তন কৰি
 তোমাৰ কথায়ে হইবো পাৰ॥ ২৯
চৰণ-ছত্ৰক ইটো উপাসিয়া থাকে যিটো
 সিটো এড়াই সংসাৰৰ তাপ।
হেন পাদ-পদ্ম এড়ি ক্ষেণেকো নিজীবো হৰি
 নিয়ো লগে জগতৰ বাপ॥