পৃষ্ঠা:Kirtan Ghosha.pdf/৪৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭৬
[খণ্ড ২২
কীৰ্ত্তন ঘোষা

কৃষ্ণৰ গৃহস্থ ধৰ্ম্ম দেখি ঘৰে ঘৰ।
পৰম বিস্ময় মন ভৈলা নাৰদৰ।৷
কেৱলে ঈশ্বৰমাত্ৰ দেখি পাছে ঋষি।
কৃষ্ণ-গুণ গায়া চলি গৈলন্ত হৰিষি॥ ৭০
নিশাত কৰন্ত কৃষ্ণে শয্যাত শয়ন।
কণ্ঠত আলিঙ্গি শুতি থাকা পত্নীগণ।৷
ৰজনীৰ শেষ জানি ৰাৱে পক্ষীচয়।
নাৰীগণো হোৱে কৃষ্ণ-বিৰহত ভয়॥ ৭১
কুকুৰী আৰাৱ কৰে তাকো পাৰে গালি।
উঠি নিত্য-কৃত্য পাছে কৰি বনমালী।৷
চৌৰাশী অধিক তেৰ হাজাৰ-প্ৰমাণ।
ঘৰে ঘৰে প্ৰতিদিনে কৰন্ত গো-দান।৷ ৭২
দাৰুকে যোগান্ত ৰথ চড়ি গৈলা তাতে।
সাত্যকি উদ্ধৱ সমে বসন্ত সভাতে।৷
চতুৰ্ভিতি বেঢ়ি পাত্ৰ মন্ত্ৰী সভাসদ।
দেৱ-কাৰ্য্য সাধিবাক আসিলা নাৰদ।৷ ৭৩
জৰাসন্ধে বান্ধি আছে নৃপতি বহুত।
কৃষ্ণত শৰণ মাগি পঠাই দিলা দূত।৷
সেহি বেলা যুধিষ্ঠিৰ পঠাইলন্ত মাতি।
মন্ত্ৰীগণ সমে কৃষ্ণ আলোচিলা ৰাতি॥৭৪