পৃষ্ঠা:Kirtan Ghosha.pdf/৪৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২৪
[খণ্ড ১৯
কীৰ্ত্তন ঘোষা

শুনিয়োক স্বামী  মন্দভাগী আমি
 সহিবো কত নিকাৰ।
দ্বাৰকাত আছে  প্ৰভু নাৰায়ণ
 পৰম মিত্ৰ তোমাৰ॥ ২

দীন-দায়াকৰ  জগত-ঈশ্বৰ
 সাক্ষাতে লক্ষীৰ পতি।
তোমাৰ নিকাৰ  দেখিয়া দিবন্ত
 অনেক ধন-সম্পত্তি।৷

তাহান চৰণ  চিন্তে যিটো জন
 আপুনাকো দেন্ত তাক।
নকৰা বিমন  পাইবা বহু ধন
 নবাধিবা মোৰ বাক॥ ৩

ভাৰ্য্যাৰ বচন  শুনিয়া ব্ৰাহ্মণে
 দৃঢ় কৰিলন্ত মতি।
কৃষ্ণ-দৰশনে  মোৰ মহালাভ
 যাইবো দ্বাৰকাক প্ৰতি॥

ভাৰ্য্যাক বোলন্ত  যি পাৰা সন্দেশ
 আনি দিয়া ঝান্টে উঠি।