এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২]
৪০১
নাৰদৰ কৃষ্ণ-দৰ্শন
দেখিয়া প্ৰণামে যিটো সুধৰ্ম্মা সভাক।
যদুগণে আনলে চটকি ফুৰে তাক।
কৃষ্ণৰ প্ৰসাদে ভুঞ্জিল কোন ভোগ।
মিলে দ্বাৰকাত যত বস্তু দেৱ-ভোগ॥ ৯
পঢ়াইলা যাদৱ-বংশ যতেক কুমাৰ।
তাৰ সংখ্যা কৰিবেক শকতি কাহাৰ॥
তাসম্বাৰ শুনিয়ো পঢ়োৱা ওজা যত।
তিনি কোটি চৌৰাশী হাজাৰ একশত॥ ১০
ভণিল শঙ্কৰে শুনিয়োক সৰ্ব্বজন।
এক চিত্তে কৰা সৱে হৰিৰ কীৰ্ত্তন॥
আত পৰে ধৰ্ম্ম আৰ নাহি সংসাৰত।
ৰাম ৰাম ঘুষিয়োক বসি আসনত॥ ১১
দ্বিতীয় কীৰ্ত্তন
ঘোষা॥ কেশৱ কৃষ্ণ বিষ্ণু বনমালী।
নিয়ো কৃপাময় সেৱক পালি॥ ২
পদ॥ যোড়শ হাজাৰ কন্যাক ভিনে।
কৰিলা হৰি বিহা একে দিনে॥
কৃষ্ণৰ আশ্চৰ্য্য মহিমা শুনি।
দ্বাৰকাক গৈলা নাৰদ মুনি॥১২
২৬