পৃষ্ঠা:Kirtan Ghosha.pdf/৪১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০০
[খণ্ড ১৭
কীৰ্ত্তন-ঘোষা

ইন্দ্ৰে নিদিলন্ত তাক জানিয়া মুৰাৰি।
আনিলন্ত বলে পাৰিজাতক উভাৰি॥
দেখি খেদি আসি ইন্দ্ৰে কৰিলা.সমৰ।
বাসৱক লীলায়ে ভঙ্গাইলা দামোদৰ॥ ৪
উলটি পলাইল ইন্দ্ৰ তোমাৰ প্ৰহাৰে।
ৰুইলা পাৰিজাত সত্যভামাৰ দুৱাৰে॥
ষোড়শ হাজাৰ কন্যা আনি ভিনে ভিনে।
দ্বাৰকাত বিৱাহ কৰিলা একে দিনে॥ ৫
সিটো দিব্য পতনী যতেক বৰনাৰী।
ততেক শৰীৰ ধৰি ক্ৰীড়িলা মুৰাৰি॥
চৌৰাশী অধিক তেৰ হাজাৰ প্ৰমাণ।
সালঙ্কৃতা কৰি নিতে কৰন্ত গো-দান॥ ৬
ইন্দ্ৰ দেৱে পুৰষ্কাৰ কৰিয়া কৃষ্ণক।
দ্বাৰকাক পঠাই দিল সুধৰ্ম্মা-সভাক॥
তাত বসিবাক যাহা প্ৰত্যেকে উৎসুকে।
আগত যোগান্ত আনি ৰথক দাৰুকে॥ ৭
ৰথত চড়িয়া দাৰুকৰ ধৰি হাতে।
সাত্যকি উদ্ধৱ সমে বসন্ত সভাতে॥
গুৰু শুক্ৰ সমে যেন আকাশত শশী।
সভাক ৰঞ্জিয়া প্ৰভু ৰঙ্গে থাকা বসি॥ ৮