পৃষ্ঠা:Kirtan Ghosha.pdf/৪০৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯২
[ খণ্ড ৭
কীৰ্ত্তন-ঘোষা

পীত বস্ত্ৰে শোভে কায়।
মেঘত বিজুলী-প্ৰায়॥
মুখ চন্দ্ৰো নুহি সৰি।
কমল-লোচন হৰি॥ ৪৪
কৰ্ণত কুণ্ডল দোলে।
বনমালা জ্বলে গলে॥
ভ্ৰমৰে নছাড়ে লোভে।
শিৰত কিৰীটি শোভে॥৪৫
কণ্ঠত কৌস্তুভ-মণি।
প্ৰভাতৰ সূৰ্য্য জিনি॥
একো অঙ্গে নুহি ৰুজ।
আজানু-লম্বিত ভুজ॥ ৪৬
কেয়ূৰ কঙ্কণে ৰঞ্জে।
পাদ পঙ্কজক গঞ্জে॥
ৰত্নৰ নূপুৰ বাজে।
মেখলা কটিৰ মাঝে॥ ৪৭
কোটি কন্দৰ্পক জিনি।
প্ৰকাশন্ত যদুমণি॥
হেন কৃষ্ণ মোৰ বাপ।
এড়াওঁ কৈত তান তাপ॥ ৪৮