পৃষ্ঠা:Kirtan Ghosha.pdf/৩৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৯]
৩৭৯
মুচুকুন্দ-স্তুতি

কৃষ্ণৰ কিঙ্কৰে গীত ভণিল শঙ্কৰে।
কৃষ্ণৰ কীৰ্ত্তন নছাড়িবা কোন নৰে॥
পাপ-সাগৰত ইসে কৰিবে উদ্ধাৰ।
বোলা হৰি হৰি হোক পুৰুষ উদ্ধাৰ॥ ১১৯

মুচুকুন্দ-স্তুতি সমাপ্ত ॥ ১৫ গ ॥