পৃষ্ঠা:Kirtan Ghosha.pdf/৩৮৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৮]
৩৭৩
মুচুকুন্দ-স্তুতি


তুমি অপ্ৰমত্ত হেলে মাৰা তাক
 এন্দুৰক যেন সৰ্পে॥ ৯৯

সুবৰ্ণৰ ৰথে যিটো হস্তী-কন্ধে
 ফুৰয় ৰাজা বোলাই।
কালে প্ৰাণ গৈলে সেহিতো শৰীৰ
 হোৱে বিষ্ঠা-পলু ছাই॥

যিটো সাৰ্ব্বভৌম-  সিংহাসনে থাকে
 সামৰাজে সেৱা কৰে।
স্ত্ৰীৰ অধীন হুয়া সিটো প্ৰভু
 গৃহতে থাকিয়া মৰে॥ ১০০

দুনাই ইন্দ্ৰ হৈবো  বুলিয়া অনেক
 কৰি কায়-ক্লেশ দুঃখ।
সিটো অভিলাষ  ব্যৰ্থ হোৱে তাৰ
 কহিতো নাহিকে সুখ॥

যাহাৰ সংসাৰ গুচিবেক তাৰ
 মিলয় সাধু-সঙ্গতি।
যেৱে সাধু-সঙ্গ ভৈল তেৱে প্ৰভু
 তোমাত উপজে মতি॥ ১০১