পৃষ্ঠা:Kirtan Ghosha.pdf/৩৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৭]
মুচুকুণ্ড-স্তুতি

আসি আছ তুমি স্বামী।
মুক্তি দেখি বোলো আমি॥
জন্ম কৰ্ম্ম গোত্ৰ নাম।
কৈয়ো যদি আছে কাম॥ ৮৫
আমাৰৰ শুনিয়ো কথা।
ইক্ষ্বাকু-বংশত তথা॥
মান্ধাতাত ভৈলো জাত।
মুচুকুন্দ নামে খ্যাত॥ ৮৬
উজাগৰে শ্ৰান্ত হুয়া।
গহ্বৰত আছো শুয়া॥
মোক জগাই কোনজনে।
ভস্ম ভৈল তাৱক্ষণে॥ ৮৭
তোমাক দেখিলো পাছে।
দেহা প্ৰকাশন্তে আছে॥
তোমাৰ দুঃসহ জৌতি।
নিষ্প্ৰভ কৰিলে আতি॥ ৮৮
দেখি মহা চমৎকাৰ।
সুধিবে নপাৰো আৰ॥
এহি বুলি মৌন ভৈলা।
মাধৱে কহিয়ে লৈলা॥ ৮৯

২৪