পৃষ্ঠা:Kirtan Ghosha.pdf/৩৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬২
খণ্ড ১৫খ
কীৰ্ত্তন-ঘোষা


সংসাৰ-মোহন হেন ৰূপ দেখি
 বোলয় কালযৱন।
এহিগোট কৃষ্ণ জানিলো নাৰদে
 কহিল যেন লক্ষণ॥ ৬৩

শুধা হাত-ভৰি  গতি চলি যায়
 ময়ো যাওঁ অস্ত্ৰ এড়ি।
এহি বুলি উঠি ধাইলেক যৱনে
 ৰহ বুলি পাৰে গেড়ি॥

জ্ঞানীগণে যাক  ধ্যানতো নেদেখে
 খেদে হেন মাধৱক।
হাতে পাৱে হেন দেখাই আপুনাক
 নিলন্ত তাক দুৰক॥ ৬৪

পাছত যৱনে আক্ষেপ কৰয়
 যদু-কুলে ভৈলি যাত।
পলায়ন-ধৰ্ম্ম নুহিকে উচিত
 পালটি আমাক মাত॥

এতেক বোলন্তে গিৰি-গহ্বৰত
 পশিলন্ত নাৰায়ণ।