পৃষ্ঠা:Kirtan Ghosha.pdf/৩৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৮
[ খণ্ড ১৫খ
কীৰ্ত্তন-ঘোষা


যৱনক যুঝন্তে মগধ যেৱে আসে।
নেয় চোসে বাসে জোনো বংশকো বিনাশে॥ ৫০
হেন জানি সাজিয়ো দুৰ্গম দ্বাৰকাক।
মনুষ্যে নপাৰে যেন তাক লঙ্ঘিবাক॥
এহি বুলি সাগৰ মধ্যত দামোদৰ।
বাহ্ৰ প্ৰহৰৰ পথ নিৰ্ম্মিলা নগৰ॥ ৫১
বিশ্বকৰ্ম্মে শিল্প-কৰ্ম্ম জানে যতমানে।
দ্বাৰকাত সৱাকো দেখিয় বিদ্যমানে॥
বিবিধ উদ্যান কল্পতৰু উপবন।
দিব্য সৰোবৰ দীৰ্ঘি দেখি বিতোপন॥ ৫২
আকাশ লঙ্ঘিয়া আছে গড়ৰ দুৱাৰ।
স্ফটিক-কপাট তাৰ পাশত সোণাৰ॥
সুৱৰ্ণ-ৰজতে জুলে গৃহৰ আৰম্ভ।
ফটিক আটাল মৰকত দিল তন্ভ॥ ৫৩
সুৱৰ্ণৰ ঘটচয় উপৰে প্ৰকাশে।
বিচিত্ৰ পতাকা তাতে বতাসে উলাসে॥
সুধৰ্ম্মা-সভাক পঠাই দিল পুৰন্দৰ।
যাত আৰোহিলে হোৱে অজৰ-অমৰ॥ ৫৪


পা পদ ৫০॥ [ চোসে - চোৰে, চোপে।
  ৫২ ॥ দীৰ্ঘি-দীৰ্ঘ, দীঘি।