পৃষ্ঠা:Kirtan Ghosha.pdf/৩৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চতুৰ্দ্দশ খণ্ড

অক্ৰুৰৰ বাঞ্ছা-পূৰণ

ঘোষা। গোপাল কৃপাল  পালিয়ো বাপ
 পাপ-পয়োধিত মৰো।
 ইজন্মত নাথ  নভৈল ভকতি
 পাতকী কিমতে তৰো॥ ১


পদ॥ আত অনন্তৰে ৰাম উদ্ধৱক
 কৃষ্ণ লৈয়া দুইকো সঙ্গে।
 অক্ৰুৰৰ প্ৰীতি সাধিবাক প্ৰতি
 লড়িলা মনত ৰঙ্গে॥
 তিনি নৰোত্তম বান্ধৱ পৰম
 আসন্ত দেখি অক্ৰুৰে।
 পৰম আনন্দে আলিঙ্গিয়া আগ
 বাঢ়িলা আতি সাদৰে॥ ১
 ৰামক কৃষ্ণক পড়ি প্ৰণমিলা
 তাঙ্কো প্ৰণমিলা দুই।
 আসনে বৈসাই তিনিকো অৰ্চ্চিল
 অক্ৰুৰে বিস্ময় হুই॥