পৃষ্ঠা:Kirtan Ghosha.pdf/৩৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৩
গোপী-উদ্ধৱ-সংবাদ


পড়িল কান্দন্তে চক্ষুৰ পানী।
উদ্ধৱে প্ৰবোধ বুলিলা বাণী॥
এড়া অনুশোচ দেখিবা হৰি।
ৰাম বুলি যায়ো সংসাৰ তৰি॥ ২২

শুনা সৰ্ব্বজন কৃষ্ণৰ বাণী।
ভক্তক স্নেহ কৰা চক্ৰপাণি॥
কামাতুৰভাৱে ভজিয়া হৰি।
তৰিল এতেকে গোপৰ নাৰী॥২৩

তাহাকে শান্ত কৰাইলন্ত পাছে।
ভক্তৰ ইষ্ট কোন দেৱ আছে॥
আলাস তেজিয়া ভজিয়ো হৰি।
সমস্ত নৰে ডাকি বোলা হৰি॥ ২৪



গোপা-উদ্ধ-সংবাদ সমাপ্ত॥ ১২॥