পৃষ্ঠা:Kirtan Ghosha.pdf/৩৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৪
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা


ৰুণ ঝুণ কৰি নুপুৰ পাৱে।
উৎসৱ কৰি মল্ল-বাদ্য বাৱে॥
অঙ্গ-ভঙ্গি কৰি তাহাৰ ছেৱে।
কৰন্ত নৃত্য অতি আদি দেৱে॥ ৪১৭
দেখিয়া সমাজে তুলিল হাসি।
কৰে সাধুবাদ দান্ত প্ৰকাশি॥
সৱে ৰঙ্গ ভৈল কংসত বাজে।
হৰি-চৰিত্ৰক শুনা সমাজে॥ ৪১৮
কেতিক্ষণ পৰা ধৰিলে কালে।
মনুষ্য-জন্ম নেনা আলে-জালে॥
শঙ্কৰে কহে এড়া আন কাম।
ঘুষিয়ো ঘনে ঘনে ৰাম ৰাম॥ ৪১৯

ত্ৰয়স্ত্ৰিংশ কীৰ্ত্তন

ঘোষা॥ এ হৰি ৰাম নিৰঞ্জন যদুপতি।
 তুমিসে মাঘৱ মোৰ গতিৰ গতি॥ ৩৩
পদ॥ মাৰিলন্ত কৃষ্ণে যেৱে বৰ বৰ মাল।
 মল্ল-বাদ্য বাইবে নিবেধিল কংস কাল॥
 বল্কিলে লাগিল মহা ক্ৰোধে অন্ধ হই।
 কিনো অসজ্জন বসুদেৱ-সুত দুই॥ ৪২০