পৃষ্ঠা:Kirtan Ghosha.pdf/৩০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৬
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা

গৃহক মোৰ চলা সমুদায়।
পৱিত্ৰ কৰিয়ো পদ-ধূলায়॥
শিৰত ধৰি তযু পাদোদক।
লভিলা বলি মহা-ঐশ্বৰ্য্যক॥ ৩০০
পাইলেক পৰম জ্ঞানীৰ গতি।
ভকতক দায়া কৰা সম্প্ৰতি॥
আমাক বিমুখ নকৰা স্বামী।
তোমাক এড়িবে নোৱাৰো আমি॥ ৩০১
মাধৱে বোলন্ত শুনা অক্ৰূৰ।
আজি আগে যায়ো মথুৰাপুৰ॥
জগতৰ বৈৰী মাৰি কংসক।
অৱশ্যে তোমাৰ যাইবো গৃহক॥ ৩০২
হেন শুনি পাছে অক্ৰূৰ বীৰে।
বিতুষ্ট মনে গৈল ধীৰে ধীৰে॥
কৃষ্ণ আসিবাৰ কংসত কৈলা।
মেলানি মাগিয়া গৃহক গৈলা॥ ৩০৩
এক মনে শুনা কৃষ্ণৰ কথা।
মনুষ্য-জন্মক নকৰা বৃথা॥
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
বোলা হৰি হৰি সমস্ত জনে॥ ৩০৪