পৃষ্ঠা:Kirtan Ghosha.pdf/৩০৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২৪]
২৭৫
কংস-বধ


অক্ৰূৰে কৃষ্ণক মাতিলা পাছে।
সকলে অদ্ভুত তোমাতে আছে॥
যিজনে নজানে তত্ত্ব তোমাৰ।
সমস্ত জগতে অদ্ভুত তাৰ॥ ২৯৫
এহি বুলি বীৰে ৰথ ডকাইল।
দিনান্তে গৈয়া মথুৰাক পাইল॥
পথত যাহান্তে পথিকে দেখি।
আনন্দে কৃষ্ণক চাৰে নিৰেখি॥ ২৯৬
পাছে মথুৰাৰ সমীপ পাই।
নামিল ৰামকৃষ্ণ দুয়ো ভাই॥
অক্ৰূৰৰ হাতে ধৰিয়া হৰি।
বুলিলা হেন বাণী হাস্য কৰি॥ ২৯৭
ৰথ লৈয়া আগে চলিয়ো ঘৰ।
পাছেসে পশিবো আমি নগৰ॥
ইঠাতে আমি জিৰাওঁ গোপ-ঝাক।
শুনিয়া অক্ৰূৰে বুলিলা বাক॥ ২৯৮
তোমাৰ দোভাইক এড়িয়া স্বামী।
নযাইবো নইবো গৃহক আমি॥
নকৰা প্ৰভু ভকতক ত্যাগ।
কোটি পুৰুষৰো মিলোক ভাগ॥ ২৯৯