পৃষ্ঠা:Kirtan Ghosha.pdf/৩০৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯২
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা


আজানু-লম্বিত স্থূল ভুজ চাৰি।
শঙ্খ-চক্ৰ-গদা-পঙ্কজ-ধাৰী॥
কৰয় কেয়ূৰ কঙ্কণে কান্তি।
বক্ষঃস্থলে শোভে শ্ৰীবৎস-পান্তি॥ ২৮১
আপাদ-লম্বী বন-মালা গলে।
মুকুতাৰ হাৰ হিয়াত জ্বলে॥
ৰত্নৰ মেখলা কটিৰ মাঝে!
তাতে সুৱৰ্ণৰ কিঙ্কিণী বাজে॥ ২৮২
চাৰু উৰু জানু জঙ্ঘা যুগল।
দুখানি চৰণ যেন কমল॥
আঙ্গুলি-পান্তি তাৰ ভৈল পাসি।
আৰকত নখে আছে প্ৰকাশি॥ ২৮৩
ৰত্নৰ নুপুৰে আতি ৰঞ্জিত।
যাত ভকতৰ সদায়ে চিত্ত॥
সুনন্দ নন্দ আদি কৰি পাছে।
চৌপাশে পাৰিষদে সেৱি আছে॥ ২৮৪
শঙ্কৰ ব্ৰহ্মা যত প্ৰজাপতি।
কৰজোড়ে সৱে কৰন্ত তুতি॥
আপুনি লক্ষ্মী আৰাধন্ত পাৱ।
অক্ৰূৰে দেখি শিহৰাইলা গাৱ॥ ২৮৫