পৃষ্ঠা:Kirtan Ghosha.pdf/২৯৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮২
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা


তোমাৰ মনুষ্য-লীলা দেখিবো হৰিষি।
এহি বুলি স্বৰ্গক গৈলেক দেৱ-ঋষি॥ ২৩৫
অক্ৰূৰক পাঞ্চিলা ভোজৰ নিজ নাহা।
কৃষ্ণক আনিবে তুমি গোকুল যাহা॥
শিশু ধৰি তোমাৰে আমাৰে মিত্ৰৱতি।
ইটো কাৰ্য্য সাধি মোক দিয়ো দানপতি॥ ২৩৬
শুনি দানপতিৰ আনন্দ ভৈল আতি।
প্ৰভাতে লড়িলা মধুৰাত বঞ্চি ৰাতি॥
কৃষ্ণক দেখিবো আজি কিনো সুপ্ৰভাত।
জানিলো প্ৰসন্ন ভৈলা বিধাতা আমাত॥ ২৩৭
নয়নে দেখিবো মঞি চৰণ-কমল।
আজিসি জন্মৰ মোৰ হৈবেক সফল॥
দণ্ডৱতে পঢ়িবোহো কৃষ্ণৰ চৰণে।
কৃষ্ণে মোক আশ্বাসিবা মধুৰ বচনে॥ ২৩৮
খুড়া বুলি কৃষ্ণে মোক কৰিবা সম্বাদ।
ব্ৰহ্মাৰ দুৰ্লভ তেৱে লভিবো প্ৰসাদ॥
হেন মনে গুণি ৰথে চড়িলা অক্ৰূৰ।
গধূলিকা বেলাত পশিলা গোপ-পুৰ॥


পা° ২৩৯॥ সম্বাদ—আহ্লাদ।