পৃষ্ঠা:Kirtan Ghosha.pdf/২৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৩
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা
 

ষোড়শ কীৰ্ত্তন

ঘোষা॥ এ যাদৱ যাদৱ দীন-দয়াল।
 তুমিসি আমাৰ গতি মুকুতি গোপাল॥১৬

পদ॥ এহিমতে ক্ৰীড়াতে ৰজনী যায় ক্ষয়।
 দিন ভৈলে বিৰহে আকুল গোপাচয়॥
 কৃষ্ণ যান্ত বনে তাঙ্ক নেদেখি আসুখে।
 কৃষ্ণ-গুণ গায়া দিন বঞ্চে নানা দুঃখে॥ ১৭৩
 নিস্তাৰ-কাৰণ নাহি হৰি-নাম বিনা।
 কতো গোৰ্পী বোলে সখী কৃষ্ণ-কথা শুনা॥
 বাম বাহুত বাম কপোল থাপিয়া।
 মধুৰ বেণুক আনি অধৰে অৰ্পিয়া॥ ১৭৪
 ৰন্ধ্ৰ-মধ্যে কোমল আঙ্গুলিচয় চালি।
 যেতিক্ষণ বাংশী-ডাক দেন্ত বনমালী॥
 তাক শুনি দেৱ-স্ত্ৰী সমস্তে মূচ্ছিত।
 কাম-বাণে চিত্তে আতি হুয়া জৰ্জ্জৰিত॥ ১৭৫
 বস্ত্ৰো নসম্বৰে মহামোহ হুয়া পড়ে।
 স্বামীৰ কাছতে পাছে লজ্জা হোৱে বড়ে॥
 হেন হৰি-বিৰহ সহিবো কেনমতে।
 আউৰ গোপা বলে সৱে সখীৰ আগতে৷॥১৭৬