পৃষ্ঠা:Kirtan Ghosha.pdf/২৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১১]
২৫৫
ৰাস-ক্ৰীড়া


প্ৰাণ-বন্ধু মাধৱক কৰিয়া সম্মান।
আঞ্চল পাতিয়া দিল বসিবাৰ থান॥ ১১৬
বসিলন্ত তাতে অন্তৰ্য্যামী দেৱ হৰি।
ত্ৰিভুবন-মোহন মধুৰ বেশ ধৰি॥
কৰিলা শুশ্ৰুষা গোপীগণে মান্য কৰি।
কতো থৈয়া কোলাত কৃষ্ণৰ জান্তে ভৰি॥ ১১৭
কন্ধক বাহুক থৈয়া কতোজনী ঘবে।
কতো লীলা-কটাক্ষে চাহাৱে প্ৰেম-ৰসে॥
কতোহো প্ৰণয়-কোপে দেয় সমিধান।
বোলা হৰি হৰি হোক পাপৰ নিৰ্য্যাণ॥ ১১৮


একাদশ কীৰ্ত্তন

ঘোষা॥ সাৰঙ্গপাশি প্ৰভু ভগৱন্ত।
 নজানি তোমাৰ মায়াৰ অন্ত॥১১

পদ॥ পাছে গোপীগণে আতি সাদৰি।
 কৃষ্ণৰ ৰঙ্গে জান্তে হাত ভৰি॥
 ছলে পৰিহাস কৰিয়া তথা।
 প্ৰণয়-কোপে সোধে সৱে কথা॥ ১১৯