পৃষ্ঠা:Kirtan Ghosha.pdf/২৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৪
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা

নাহিকে তৃপিতি যদি পিয়ন্ত সততে।
কৃষ্ণৰ চৰণ যেন চিন্তন্ত ভকতে॥ ১১১
নেত্ৰে চায়া কেহোজনী নিয়া হৃদয়ক।
কৃষ্ণক আলিঙ্গি ভৈলা সৰ্বাঙ্গে পুলক॥
বহৱে আনন্দে নয়নৰ নীৰ ঝৰি।
মহাযোগীজনে যেন আছে ধ্যান ধৰি॥ ১১২
এহিমতে কৃষ্ণক চাহান্তে গোপীগণ।
মিলি গৈল উৎসৱ শীতল তনু মন॥
এড়াইল বিৰহ-তাপ আনন্দে ভৰিল।
ভকতক পায়া যেন সংসাৰী তৰিল॥ ১১৩
শোক এড়ি গোপীগণে বেঢ়িলা চৌভিতি।
মধ্যত কৰম্ভ কৃষ্ণে অধিকে দীপিতি॥
পাছে সৱে গোপিকাক লৈয়া বনমালী।
আনন্দে নামিল গৈয়া যমুনাৰ বালি॥ ১১৪
পুষ্পিত মন্দাৰ-কুন্দ-গন্ধে হুয়া ভোল।
মধু-মন্ত অনেক ভ্ৰমৰে কৰে ৰোল॥
শৰত-চন্দ্ৰৰ কান্তি আতি সুকোমল।
দেখি মহা সন্তোষিত গোপিকাসকল॥ ১১৫
তথাতে বসিল মাধৱক মধ্য কৰি।
ভৈল পূৰ্ণকাম সৱে সন্তাপ নিস্তৰি॥