পৃষ্ঠা:Kirtan Ghosha.pdf/২৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৮]
২৪৭
ৰাস-ক্ৰীড়া


বিনাশে সংসাৰ-  ভয় ভকতৰ
 পূবে মনোৰথ যত।
হেন হস্ত-পদ্ম  আনি প্ৰাণনাথ
 দিয়োক আসি শিৰত॥ ৮৮

হে ব্ৰজ-জন-  দুঃখ-হাৰী হৰি
 আমি কিঙ্কৰীক ভজ।
মোহন-হসিত  কটাক্ষে-সহিত
 দেখায়ো মুখ-পঙ্কজ॥

সমস্তে প্ৰাণীৰ  পাপ হৰে যিটো
 আছিলা কালিৰ ফণে।
কামক মৰ্দ্দিয়া  হেন পাদপদ্ম
 অৰ্পিয়ো আমাৰ তনে॥ ৮৯

পঙ্কজ-লোচন  নেদেখি তোমাৰ
 মৰৰ হেৰা সৱে দাসী।
মধুৰ বচনে  অধৰ-অমৃতে
 আমাক জীয়ায়ো আসি।