এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বিতীয় খণ্ড: নাম-অপৰাধ

সিসৱো পাপত হোৱে তৰণ।
যদি হৰি-পদে লৱে শৰণ॥ ৮
দেৱতো উত্তম কৰুণাকৰ।
মুকুতি পাৱে যাত চৰাচৰ॥
যিটো থাকে তান দ্ৰোহ আচৰি।
ভজিলে, তাকো নিস্তাৰন্ত হৰি॥ ৯
যিটো মন্দমতি অধম নৰে।
হৰিৰো মহা-অপৰাধ কৰে॥
নামত শৰণ লৱে বাৰেক।
নামে হৰে তাৰ সৱে পাতেক॥ ১০
সুহৃদ হৰি-নাম সমস্তৰে।
তাৰো অপৰাধ যি নৰে কৰে॥
তাহাৰ ৰক্ষাৰ নাহি উপায়।
অৱশ্যে সিটো অধোগতি যায়॥১১
হৰিও ৰাখিবে নৱাৰে তাক।
শুনিয়া নাৰদে বুলিলা বাক॥
নামৰ কোন অপৰাধগণ।
লোকৰ যিটো পুণ্য কৰে ছন॥ ১২
পাপক সঞ্চি যায় অধোগতি।
কহিয়ো নামৰ দ্ৰোহ সম্প্ৰতি॥