এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৮
খণ্ড ১১
কীৰ্ত্তন-ঘোষা
সমস্তে বিহ্বল হুয়া গোপিনী।
কৰৈ কৃষ্ণ-লীলা কতো আপুনি॥
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
বোলা হৰি হৰি সমস্ত জনে॥৫৭
ষষ্ঠ কীৰ্ত্তন।
ঘোষা॥ বন্দো মন্দৰধাৰী।
গতি মতি মোৰ তুমি মুৰাৰি॥ ৬
পদ॥ পুতনাৰ বেশে কতোজনী দেয় তন।
কতো শিশু-কৃষ্ণ হুয়া শোবয় জীৱন॥
কতো গোপী থাকৈ যেন শকট-আকাৰে।
কৃষ্ণ হুয়া ওভতাৱৈ চৰণ-প্ৰহাৰে॥৫৮
কতো গোপী বসে শিশু-কৃষ্ণ-ৰূপ ধৰি।
তৃণাৱৰ্ত্ত হুয়া কতো গোপী নেয় হৰি॥
কৃষ্ণ হুয়া কেহোজনী ফুৰৈ আণ্ঠু কাঢ়ি।
কঙ্কালত ঘাঘৰত-ঘুঘুৰা কৰে সাৰি॥ ৫৯
কতো কতো হুই ৰাম কৃষ্ণ দুই ভাই।
কতো বৎস হুই তাকে ফুৰান্ত চৰাই॥
পা* ঘোষা ৬॥ তুমি মুৰাৰি-মুৰাৰি