পৃষ্ঠা:Kirtan Ghosha.pdf/২৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৩
[খণ্ড ১৮
কীৰ্ত্তন-ঘোষা

লন্ত বস্ত্ৰ কাঢ়ি বঢ়ায়া চঙ্গ।
বেকত কৰন্ত গুপুত অঙ্গ॥ ৩৮
ধৰিয়া কাৰো কণ্ঠে বাহু মেলি।
কৰিলা অনেক অনঙ্গ-কেলি॥
আনন্দে গোপীৰ বঢ়ায়া কাম।
ৰমিলা গোপী নাথ অবিশ্ৰাম॥ ৩৯
কৃষ্ণত হন্তে মহামান পায়া।
বুলিলা গৰ্ব্বে সৱ গোপজায়া॥
আমাৰ সম সৌভাগ্যিনী নাই।
ভৈলন্ত অধীন যাদৱ-ৰায়॥ ৪০
গোপাৰ মহা অহম্মম-ভাৱ৷
দেখি নসহিলা কৃষ্ণৰ গাৱ॥
তাসম্বাৰ দৰ্প হৰিবে মনে।
ভৈলা অন্তৰ্দ্ধান তৈতে তেখণে॥ ৪১
কৃষ্ণক নপাই পাছে গোপীচয়।
মিলিল সন্তাপ ভৈলন্ত ভয়॥
যেন যূথপক নেদেখি বনে।
কান্দৈ আৰ্ত্তৰাৱে হস্তিনীগণে॥ ৪২
কৃষ্ণৰ সদয় কটাক্ষ হাসে।
মোহন আলাপ গতি-বিলাসে॥