পৃষ্ঠা:Kirtan Ghosha.pdf/২৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৃতীয় কীৰ্ত্তন

ঘোষা॥ গােপাল কৃষ্ণ কৰহু ত্ৰাণ।
তোমাক নেদেখি নসহে প্রাণ॥ ৩
পদ॥ শােকক তম্ভায়া গােপীসকলে।
মলচিলাে মুখ-আখি আঞ্চলে॥
গদগদ মাত মুখে নােহ্লাই।
বুলিবে লাগিলা কৃষ্ণক চাই॥ ২১
ভকত-বৎসল তােমাক জানি।
কেনে বােলা হেন ঘাতুক বাণী॥
সমস্ত বিষয় এড়িয়া স্বামী।
ভজিলাে তােমাৰ চৰণে আমি ॥ ২২
ভজিয়ো আমাক মিলােক ভাগ।
নকৰা নাথ ভকতক ত্যাগ ॥
কহিলা যিটো কুল-স্ত্রীৰ কৰ্ম্ম।
তােমাতে থাকোক সিসৱ ধৰ্ম্ম॥ ২৩
জগতৰে বন্ধু আতমা তুমি।
সমস্তে ধৰ্ম্মৰ আপুনি ভূমি॥
তুমি আত্মা হেন জানি সম্প্রতি।
তােমাতেসে কৰে ভকতেৰতি॥ ২৪