পৃষ্ঠা:Kirtan Ghosha.pdf/২১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৭ ]
২০৭
শিশু-লীলা


পৰ্ব্বত-সমান কলেৱৰ।
বাইল বেন্ত সম্যকে গহ্বৰ॥ ৮৩
তল ওঁঠ মাটিত থাপিল।
উৰ্দ্ধ ওঁঠ মেঘত লাগিল॥
জিহ্বাখান যেন ৰাজ-আলি।
বৎস লৈয়া আইলা বনমালী॥ ৮৪
গোৰক্ষ দামুৰি নিৰন্তৰ।
নজানি পশিল অভ্যন্তৰ॥
দেখি তুমি ভক্তৰ স্নেহত।
পশিলাহা অঘৰ গৰ্ভত ॥ ৮৫
দেখি আঁটি ধৰিল দশনে।
তুলিলেক হাসি দৈত্যগণে॥
দেৱগণে কৰে হাহাকাৰ।
গল ছুঙ্গি ভেন্টি ৰৈলা তাৰ॥ ৮৬
পেট ফিঙ্কি বায়ু দিলে টাঙ্ক।
মুৰ্দ্ধা স্ফুটি বাঝ ভৈল প্ৰাণ॥
তযু-পৰশনে কৰ্ম্ম ক্ষীণ।
অসুৰ কৃষ্ণতে গৈলা লীন॥ ৮৭
দেখি নিশবদ দৈত্য-কুল।
হৰিষে বৰিযে দেৱে ফুল॥