পৃষ্ঠা:Kirtan Ghosha.pdf/১৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৯ ]
১৬৫
হৰ-মেহন


সুখে থাকি নিজ থানে  মহাকল্প অৱসানে
  মোৰ শৰীৰতে যাইবা লীন॥ ৮৩

এহি বুলি বনমালী  শঙ্কৰক আঙ্কোৱালি
  সমজ্যাক নিলন্ত সাদৰি।
কৰিলন্ত সতকাৰ  দিব্য বস্ত্ৰ অলঙ্কাৰ
  পাৰ্ব্বতীকো দিলা মান্য কৰি॥

আনো যত ভূতগণ  তুষিলা সৱাৰো মন
  কৰিলন্ত যথোচিত কাম।
পাছে হৰে মহাতুষ্টি   পাৰ্ব্বতী সহিত উঠি
  দণ্ডৱতে কৰিলে প্ৰণাম॥ ৮৪

বিষ্ণুত মেলানি মাগি  লড়িলা গৃহক লাগি
  ভাৰ্য্যায়ে সহিতে শূলধৰ।
চড়িয়া বৃষভ-ৰথে  শীঘ্ৰে আকাশৰ পথে
  আৰোহিলা কৈলাস-শিখৰ॥

বসিল সমাজ পাতি  বোলন্ত উমাক মাতি
  আপুনি দেখিলা প্ৰাণ-জায়া।
ভৈলোহো বাতুল-প্ৰায়  মোৰ শ্ৰুতি-বুদ্ধি নাই
  যেন কৰিলেক বিষ্ণু-মায়া॥ ৮৫