পৃষ্ঠা:Kirtan Ghosha.pdf/১৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩]
১৩৭
গজেন্দ্ৰোপাখ্যান


যতেক বল আছে মানে দিল।
গ্ৰাহ-গজেন্দ্ৰৰ যুদ্ধ মিলিল॥
দুইৰো অদভুত যুদ্ধ দেখিত।
ত্ৰিদশ দেৱ ভৈলা ভয়ে ভীত॥ ২৩
দেখন্ত আতিশয় অসদৃশ।
যুজন্তে সহস্ৰ গৈল বৰিষ॥
জগতে আছে এক দৃষ্টি কৰি।
শুনা সভাসদ ঘুষিয়ো হৰি॥ ২৪


তৃতীয় কীৰ্ত্তন

ঘোষা॥ কৃষ্ণ ৰাম জয় জগবন্ধু জগন্নাথ।
কৃষ্ণৰ চৰণ বন্দি ৰৌক মোৰ মাথ॥ ৩


পদ॥ শুক নিগদতি ৰাজা শুনা নৃপবৰ।
মিলিল অদ্ভুত যুদ্ধ গ্ৰাহ গজেন্দ্ৰৰ॥
আকাশত দেৱগণে দেখন্ত বিস্ময়।
গ্ৰাহ-গজেন্দ্ৰৰ কিছু নুহি ভঙ্গ-জয়॥ ২৫


পা ২৫ ॥ (মাজত) - দুহানো আন্দোলে যৱে উঠলয় জল।
 লাগিল খলক যেন পদ্ম-পত্ৰ-ফল ॥