পৃষ্ঠা:Kirtan Ghosha.pdf/১৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২১]
১৫২
প্ৰহ্লাদ-চৰিত্ৰ

লৈয়ো বৰ তোৰ যেন মন।
বৃথা নোহে মোক দৰিশন॥ ২২৩
মোক দেখিলেক যিটোজন।
নাহি তাৰ পুনৰাগমন॥
ভকতৰ পূৰো মনোৰথ।
দেঞো কাম মোক্ষ ধৰ্ম্ম অৰ্থ॥ ২৩৩
এহি বুলি প্ৰলোভন্ত বৰে।
নবাঞ্ছন্ত প্ৰহ্লাদ কুমৰে॥
ভক্তিসি পৰম লাভ জানি।
বিষ্ণুক বোলন্ত হাসি বাণী॥ ২৩৪
জানো প্ৰভু পৰীক্ষা আমাক।
সিহেতু বুলিলা হেন বাক॥
বাঞ্ছে ফল তযু কৰি কৃত্য।
সিটো বাণিজাৰু নোহে ভৃত্য॥ ২২৫
তোমাৰ অকাম ভৃত্য আমি।
তুমিও নিষ্কাম মোৰ স্বামী॥
নাহি কাম আমাৰ অন্যথা।
সুহি ৰাজ-সেৱকৰ যথা॥ ২৩৬
শুনি নৰসিংহে হাসিল।
জানো তঞি ভকত একান্ত॥