পৃষ্ঠা:Kirtan Ghosha.pdf/১৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪
[ খণ্ড ৬
কীৰ্ত্তন-ঘোষা


ভৱ-বৈতৰণী- মাজে মজিলোহো
 নেড়ে মোক শোক-ভয়।
তোমাৰ চৰণে শৰণ পশিলো
 কৃপা কৰা কৃপাময়॥ ২৩০

আৰু বহুবিধ তুতি কৰি আগে
 প্ৰহ্ৰাদ পড়িয়া আছে।
ভৈলন্ত প্ৰসন্ন ক্ৰোধ-ভাৱ এড়ি
 হৰি হাসিলন্ত পাছে॥

প্ৰহ্ৰাদক চাই আনন্দে বোলন্ত
 তিনিও লোকৰ স্বামী।
বোলা হৰি হৰি সংসাৰক তৰি
 হুয়োক বৈকুণ্ঠ-গামী॥ ১২৩

একবিংশ কীৰ্ত্তন

ঘোষা॥ স্বামী ৰাম নেৰো আৰো চৰণ তোমাৰ।
 দূৰ কৰা সংসাৰ-নিকাৰ॥ ২১

পদ॥ বোলন্ত প্ৰহ্ৰাদ উঠ উঠ।
 তোৰ ভক্তি ভৈলো মহা তুষ্ট॥