এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গাঁৱত ওলালনে মেট্ৰিকৰ ডেওনা পাৰ হোৱা এটা? (‘বহুৱা’)

 কেইটামান গল্পত ভকতীয়া ভাষাৰ ব্যৱহাৰৰ লগতে গাঁৱৰ পৰিৱেশ পৰিস্ফুট হৈ উঠিছে—‘কোৱা কি হে ৰূপাই? গো-বধ সেমাইন্য কথা। ভোলা ভকতে মুখ পাতি ধৰিলে, বোলে এনে মূৰি ধৰিলে গাঁও ফাটি খেল খেল হ’ব। ভোলা ভকতে খুন্দা তামোল পকতীয়াই পকতীয়াই ক’ব ধৰিলে, কাৰ ফালে কাটিলে, কোনে মাটি চহাইছিল? তুমিও আৰু ৰূপাই ভকত! এতিয়া বুঢ়া ভাগত পৰিছা। মাৰ্গৰ বাহিৰ হোৱা কথা এৰা। এজনৰ পাপত ৰাইজখনে নৰক নুভুঞ্জিবনে?...’

 বৰ্ণনাতো ব্যৱহাৰ হৈছে কথিত ভাষা— ‘পিছে আঁওচ জোৰোঁতেই কিলিংখা লাগিল। ফাংফলীয়া নাঙলটোৱে পদাইৰ একণীয়াটোৰ খুৰাৰ ঠিক ওপৰৰপৰা এবখলা এৰুৱাই নিলেই।’

 কটীয়া বজৰু ঠানু কণটিলৌৰ আঁহনেজীয়া বাঁহনেজীয়া ভায়েক।”— (বহুৱা) ....এয়া তেওঁৰ গল্পৰ ভাষা। বাস্তৱৰ প্ৰতিচ্ছবি প্ৰতিটো গল্পতেই মূৰ্ত হৈ উঠে। সমাজতান্ত্ৰিক বাস্তৱক তেওঁ ভালকৈয়ে বুজে। সাধাৰণ মানুহৰ কথা গল্পবোৰৰ জৰিয়তে তেওঁ কয়। তেওঁৰ গল্পৰ ভাষা সবল কিন্তু সাধাৰণ মানুহৰ বোধগম্য হোৱা। তেওঁৰ এই গল্পটোৰ উপৰিও আন কেইটামান গল্পৰো কথনশৈলীক আমি এটা নাম দিব পাৰোঁ— ‘গ্ৰামীন কথনশৈলী’— এক ব্যতিক্ৰমী উপস্থাপনেৰে ভকতীয়া ভাষাৰে ৰচিত গল্প।

 কণটিলৌ নহ’লে গাঁৱৰ ভাওনা নচলে। ধনু-কঁাঁড়, ভাওনাৰ সাজ-পোছাক, আদিকে ধৰি সকলো যা-যোগাৰ কৰিব লাগিব সি। সি ভাওনাত বহুৱাৰ চৰিত্ৰ ৰূপায়ণ কৰি গাঁৱৰ ৰাইজক ৰসৰ যোগান ধৰে। সেই বহুৱা কণটিলৌকে মিছা ‘গো-বধ’ৰ বদনামেৰে প্ৰায়চিত্ত কৰাই শেষত পুৰোহিতৰ ইচ্ছাতেই পুৰোহিতৰ পত্নীক বহুৱাৰ হতুৱাই গৰ্ভধাৰণ কৰায়। গল্পত মুকলিভাৱে এই কাহিনীৰ বৰ্ণনা নাই যদিও গল্পকাৰে কৌশলেৰে ইয়াকে বুজায় যে পুৰোহিত সন্তান জন্ম দিবলৈ অক্ষম। তেনেকৈ কণটিলৌ অন্য এক বহুৱা।

 ‘সাঁচিপাতৰ পুথি’ত বৰ্ণিত হৈছে মোলান মৌজাদাৰৰ ৰজাদিনীয়া আধাবিঘামান মাটি আগুৰি থকা গছডাল দ্বিতীয় পুত্ৰ গজেন্দ্ৰই কাটি পেলোৱাৰ কাহিনী। গল্প কোৱাৰ বাহাদুৰিৰে খাটনিয়াৰে মৌজাদাৰৰ সাঁচিপাতৰ পুথিত আহোম ৰাজত্বৰ কথকতাৰ জেৰ টানি মৌজাদাৰৰ পূৰ্বপুৰুষ ৰজা গৌৰধ্বজ সিংহই ৰোৱা গছডালৰ কথা কৈছে— ‘চৌদ্ধশ চৌৱন্ন নে পঁচপন্ন? মুংকেও নে ৰংমাও? লাক্লি ৰংমাও!—মুঠতে শংকৰ পুৰুষ গুৰিয়ে গোষ্ঠীয়ে গাঁৱে মানুহে প্ৰাণ লৈ ভাটিৰ

খোজৰ শব্দ॥ ৯৭