এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিপুল খাটনিয়াৰৰ গল্প সংকলন
‘ভিন্ন জীৱন ভিন্ন কথকতা’

গুনীন চৌধুৰী

 ‘নতুন পৃথিৱী’ৰ জৰিয়তে গল্প লিখক হিচাপে চিনাকি হৈ পৰা বিপুল খাটনিয়াৰে ‘খোজৰ শব্দ’, ‘চিনাকি মুখৰ ছবি, ‘দখাৰ’, ‘তাই কাপোৰ নিপিন্ধে’, ‘ভিন্ন জীৱন ভিন্ন কথকতা’, ‘চিনাকি মুখৰ অচিনাকি ছবি’, ‘ঘঁৰিয়ালডাঙাৰ কথা’ আৰু ‘হাৱা ভাল চলা নাই’ৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি গৈছে। তেখেতৰ আটাইকেইখন সংকলন পঢ়াৰ সুযোগ পোৱা নাই যদিও কাকতে পত্ৰই কিছু গল্প পঢ়াৰ লগতে দুখমান সংকলন পঢ়াৰ অভিজ্ঞতা হৈছে। সেইবোৰৰ ভিতৰত ‘ভিন্ন জীৱন ভিন্ন কথকতা’ গল্প সংকলনখনে মনত গভীৰ ৰেখাপাত কৰিছে।

 ভিন্ন কথকতাৰে জীৱনৰ কাহিনী কৈছে গল্পকাৰ বিপুল খাটনিয়াৰে। সংকলনখনিত মূৰ্তমান হৈ উঠিছে গ্ৰাম্য সমাজ ব্যৱস্থাৰ বাস্তৱ ছবি। গল্পকাৰৰ নিজৰ কথাৰেই— ‘চাই দেখি থাকোতেই পৰিৱৰ্তিত সময়ৰ পৰিপ্ৰেক্ষিতত সেই সমাজ বান্ধোন ক্ৰমাৎ শিথিল হৈ আহিল। ল’ৰালিতে আমি দেখা, কাহানিবাতে এৰি থৈ অহা ‘খেল-পাইক’ পৰম্পৰাৰ দ্বাৰাও প্ৰভাৱিত দিখৌ-দিচাং-দৰিকাপৰীয়া গ্ৰাম্য সমাজ আছিল ভাঙোন উন্মুখ সমাজ, ক্ৰমাৎ বিষাদ-মধুৰ স্মৃতি হৈ পৰা সেই সৰল চহা জীৱনেই ৰৈ ৰৈ যেন ধৰা দিছে সৰহখিনি কথা-কাহিনীত।

 উজনিৰ সেই দৰিকা-দিচাং-নামচাঙৰ লগতে বুঢ়ীদিহিং, মাজ অসমৰ লাংনিট- শিলভেটা-কপিলী আৰু নামনিৰ গৌৰাং-জিঞ্জিৰামৰ পকনীয়া সোঁতেও চুই গৈছে সংকলনখনিৰ কেইটামান গল্প-কথাক।’

 সংকলনখনিৰ কেইবাটাও গল্পত ৰংপুৰীয়া ভাষা আৰু কৃষ্টিৰ উপৰিও কাৰ্বি, নাগামিজ, বড়ো আদি ভাষা বা শব্দ তেওঁৰ কলমত স্থান পোৱাৰ ফলত কাহিনীৰ

খোজৰ শব্দ॥ ৯৫