এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৃতিত্ব এয়ে যে তেওঁ যেনেকৈ তেওঁৰ গল্পত মাজুলীক জীৱন্ত ৰূপত ধৰিব পাৰিছে, তেনেদৰে মন্দিয়াৰ ভেলেঙী নদী বা ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিত বসবাস কৰা মানুহবোৰৰ জীৱনযাত্ৰা আৰু দুঃখ যন্ত্ৰণাৰো অত্যন্ত বাস্তৱ চিত্ৰ অংকন কৰিব পাৰিছে। গল্পকাৰে প্ৰত্যক্ষভাৱে অৰ্জন কৰা অভিজ্ঞতা আৰু সেই অভিজ্ঞতাই তেওঁৰ মনত সৃষ্টি কৰা প্ৰতিক্ৰিয়াৰ সন্মিলনতহে এনে সাৰ্থক গল্প ৰচনা সম্ভৱ হৈ উঠে।

 ‘ভেলেঙীত উঠিছে বান’ নামৰ গল্পটোত লেখকে এটা বিশেষ নেৰেটিভ কৌশল প্ৰয়োগ কৰিছে। লেখকে বানপানীৰ সৈতে জড়িত ভিন ভিন দৃশ্য আৰু ঘটনাক একেলগে একেটা গল্পতে সামৰি লৈ বানপানীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ এক সামগ্ৰিক আৰু সম্পূৰ্ণ ছবি দাঙি ধৰিব বিচাৰিছে সেয়েহে তেওঁ গল্পটোত “সোন্দৰ মাঝি” নামৰ এগৰাকী নাৱৰীয়াৰ চৰিত্ৰৰ সৃষ্টি কৰিছে। গল্পটোৰ সকলো ঘটনা আৰু চৰিত্ৰক তেওঁৰ ভূমিকাই সংযুক্ত কৰিছে। তেওঁ অকল নাৱৰীয়াই নহয়— এজন স্বভাৱ কবি আৰু গায়ক। আৰম্ভণিতে তেওঁৰ গানত ধৰ্মীয় বিষয়ে প্ৰাধান্য পাইছে যদিও শেষত দেখা গৈছে বানপীড়িত সৰ্বহাৰা মানুহৰ প্ৰতিবাদী সমদলক উজ্জীৱিত কৰিবলৈ তেওঁ নতুন গান ৰচনা কৰিছে আৰু সেই গীতেৰে মানুহক অনুপ্ৰাণিত কৰিছে।

 সোন্দৰ মাঝিৰ সৈতে সকলো মানুহৰ চিনাকি। সেয়েহে সেই অঞ্চলৰ কোনে কি কৰিছে তাৰ সকলো খবৰ তেওঁ পায় আৰু সকলো খবৰ লয়। তেওঁৰ নাৱত উঠিয়েই মানুহে ইখন ঘাটৰপৰা সিখন ঘাটলৈ, ইখন গাঁৱৰপৰা সিখন গাঁৱলৈ অহা-যোৱা কৰে। সোন্দৰ মাঝিৰ সেই নৌকাযাত্ৰাৰ সূত্ৰ ধৰিয়েই লেখকে যেন এটা এটাকৈ বানপানীৰ দৃশ্যপট অংকন কৰি গৈছে— বানপানীত উটি যোৱা মানুহৰ দৃশ্য (“ওফন্দি পৰা অৱয়ৱেৰে বস্ত্ৰহীন এক মাতৃ আৰু মাতৃৰ দুই বাহুত গাৰ সমস্ত শক্তিৰে খামুচি ধৰা দুটি এমাদিমা শিশু”), বানপানীৰ ছবি তুলিবলৈ অহা খবৰ কাগজৰ মানুহৰ উপৰুৱা দৃষ্টিৰ প্ৰতি তীৰ্যক মন্তব্য, আশ্ৰয় শিবিৰত খাবলৈ নোপোৱা মানুহৰ হাহাকাৰ, ধৰ্মীয় গোড়ামিৰ বাবে দুই এজনৰ আকৌ ‘কাফে’ৰ দ্বাৰা দিয়া ৰিলিফ গ্ৰহণ কৰিবলৈ অস্বীকাৰ, ‘ৰিলিফ’ৰ চাউলৰ চোৰাং চালান, হেলিকপ্টাৰেৰে বিতৰণ কৰা চাউলৰ বস্তাৰ তলত পৰি মানুহৰ মৃত্যু, বানপানীয়ে জুৰুলা কৰা পৰিয়ালৰ গাভৰু ছোৱালীবোৰ হঠাৎ নিৰুদ্দেশ হোৱা আদি বিভিন্ন ঘটনা আৰু অনুষংগৰে লেখকে বন্যাজনিত পৰিস্থিতিৰ এটি বাস্তৱ, কৰুণ আৰু হৃদয়বিদাৰক ছবি অংকন কৰিছে। গল্পটোক একেবাৰে জীৱন্ত আৰু বাস্তৱ কৰি তুলিবলৈ বিভিন্ন চৰিত্ৰসমূহৰ কথোপকথনত মন্দিয়া-বাঘবৰ অঞ্চলৰ মানুহৰ মুখৰ কথিত ভাষা লেখকে চৰিত্ৰসমূহৰ মুখত অবিকলভাৱে তুলি দিবলৈ সক্ষম হৈছে।

খোজৰ শব্দ॥ ৯৩