এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

“কোনো কোনো গৃহস্থ বা শিচ ভকতে (বেলেগ সংহতিৰ হ’লেও)
তেল-মাছ-পাচলিসহ সিধাও যাচে। তেল বেলেগ, মৎস্যও বেলেগ।
ৰান্ধোতে সেই তেলতে মৎস্য নিক্ষেপ কৰা হ'লেও একেজন ভকতেই
এই দুয়োবিধ দুখন হাতত বেলেগ-বেলেগ হ’লেও আনিব নোৱাৰে।
মৎস্য বেলেগ, তৈল্য বেলেগ, নহ'লে চুৱা।”

 মানুহবোৰক অভাৱে জুৰুলা কৰিলেও পৰম্পৰাগত নিয়মবোৰত খামুচি ধৰাৰ এটা আপ্ৰাণ চেষ্টা চলাই গৈছে। কিন্তু গল্পটোৰ শেষত দেখা গৈছে যে যিগৰাকী সত্ৰাধিকাৰে প্ৰথম অৱস্থাত দৰিদ্ৰতাৰ মাজতো ইমান নীতি-নিয়ম পালন কৰি চলিছিল, শেষত তেওঁ নিজৰ সত্ৰাধিকাৰৰ পদবীটোকে ৰক্ষা কৰিব নোৱাৰিলে। তেওঁ আৰু সত্ৰাধিকাৰ হৈ নাথাকিল। বানপানীয়ে জুৰুলা কৰা নিদাৰুণ অৱস্থাৰ বাবে তেৱোঁ শেষত আন শিচ-ভকতসকলৰ দৰে সাধাৰণ প্ৰজা হ’বলৈ বাধ্য হ’ল। গল্পটোৰ এঠাইত তেওঁ কৈছে :

“অকল ময়েই নহয়;বান আৰু গৰাখহনীয়াই গোটেইখন মাজুলীকে
ওলট-পালট কৰি পেলাইছে। এইবাৰ গোবিন আৰু মই মিলি নিজৰ
মাটিত নিজে খেতি কৰিছোঁ, পাঁচ বছৰৰ ধান এইবাৰ একে বছৰতে
পাম।”

 নিৰ্মম বাস্তৱতাই কিদৰে উচ্চ-নীচৰ ভেদাভেদ বিলীন কৰি দিছে গল্পকাৰে সেয়া দেখুৱাইছে। কিন্তু সত্ৰাধিকাৰ গৰাকীয়ে যে নিজৰ অৱস্থান আৰু স্থিতিৰপৰা অৱনমিত হ’ল সেইটোৱে পাঠকৰ মনত এক কৰুণাৰ ভাব উদ্ৰেক নকৰাকৈ নাথাকে।

 গল্পটোৰ এটা দিশ যেনেকৈ সত্ৰাধিকাৰ গৰাকীৰ জীৱনত হোৱা পৰিৱৰ্তন ঠিক তেনেকৈ আন এটা দিশ হৈছে এগৰাকী দৰিদ্ৰ বিধৱা মহিলা আৰু তেওঁৰ গাভৰুজীয়েক সুভদ্ৰাৰ কাহিনী। সত্ৰাধিকাৰ প্ৰভুয়ে যেতিয়া গাঁৱে গাঁৱে সিধা সংগ্ৰহ কৰিবলৈ যায় তেতিয়াই এই বিধৱা মহিলাৰ ঘৰত অতিথি হিচাপে ৰাতি যাপন কৰে। বিধৱা গৰাকীৰ মনৰ হেঁপাহ আছিল গাভৰু ছোৱালীজনীক সত্ৰাধিকাৰৰ পুত্ৰসদৃশ শিষ্য গোবিনলৈ বিবাহ দিয়া। কিন্তু গল্পটোত লেখকে বেছিকৈ দৃষ্টি নিক্ষেপ কৰিছে গাভৰু গৰাকী যি অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ চিকাৰ হৈছে তাৰ ওপৰত। পুৰুষ নোহোৱা বিধৱা মহিলাৰ ঘৰৰ গাভৰু ছোৱালীৰ প্ৰতি দুষ্ট চৰিত্ৰৰ মতা মানুহবোৰৰ লোলুপ দৃষ্টি থাকে সদায়। হয়তো ডেকা ল’ৰাবোৰে নানাধৰণে ব্যতিব্যস্ত কৰাৰ কাৰণেই সুভদ্ৰা নামৰ এই গাভৰু গৰাকী মানসিক ৰোগৰ চিকাৰ হয়। কিন্তু অন্ধবিশ্বাসত নিমজ্জিত গাঁৱৰ মানুহবোৰৰ দৃষ্টিত গাভৰুগৰাকী কোনোবা অপদেৱতাৰ

খোজৰ শব্দ॥ ৯১