এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁৰ গল্পৰ মাজত বিচাৰি পাওঁ। এই গল্পবোৰ লিখি উলিয়াবলৈ তেওঁ যে বাস্তৱ জীৱনৰ পৰা অভিজ্ঞতা আহৰণ কৰিছে সেই বিষয়ে কোনো সন্দেহ নাই। অসমৰ বিভিন্ন অঞ্চল, বিভিন্ন ধৰ্ম, সম্প্ৰদায় আৰু জনগোষ্ঠীৰ মানুহৰ বিষয়ে প্ৰত্যক্ষ জ্ঞান আৰু অভিজ্ঞতাই তেখেতৰ মানসিক জগতখন সমৃদ্ধ কৰিছে আৰু সেইবাবেই তেওঁৰ গল্পবোৰ অত্যন্ত বাস্তৱসন্মত আৰু জীৱন্ত হৈ পৰিছে।

 বিপুল খাটনিয়াৰৰ একেটা গল্পতে একে সময়তে সমাজজীৱনৰ বহুকেইটা দিশ উন্মোচিত হয়। নিশ্চিতভাৱে তেওঁৰ গল্পত এটা কেন্দ্ৰীয় বিষয় বা focal theme থাকে— কিন্তু তাৰ লগতে একে সময়তে লেখকে আনুষংগিক আন বহুতো প্ৰয়োজনীয় দিশত পোহৰ পেলায়। আমাৰ এই আলোচনাত আমি তেওঁৰ দুটা গল্পৰ বিশ্লেষণৰ দ্বাৰা দেখুৱাব বিচাৰিছোঁ যে বিপুল খাটনিয়াৰে কেনেকৈ একেটা গল্পতে দৰিদ্ৰতা, বানপানী, খহনীয়া, কু-সংস্কাৰ, অন্ধবিশ্বাস, দুৰ্নীতি আদি বিভিন্ন দিশ সাঙুৰিব পাৰিছে আৰু সেই বিষয়বোৰ ইমান স্বাভাৱিক আৰু স্বতঃস্ফূৰ্তভাৱে তেওঁৰ গল্পত সোমাইছে যে সেইবোৰে গল্পটোলৈ সমৃদ্ধি আৰু গভীৰতা আনিছে।

 মাজুলীৰ পটভূমিত লিখা বিপুল খাটনিয়াৰৰ এটা জনপ্ৰিয় আৰু বিখ্যাত গল্প ‘কাৱৈমাৰী সত্ৰৰ অতিথি'। গল্পটোৱে একে সময়তে মাজুলীৰ সমাজজীৱনৰ বহুবোৰ দিশ উন্মোচিত কৰিছে। সত্ৰীয়া সংস্কৃতিৰ স্নায়ুকেন্দ্ৰ হিচাপে পৰিচিত মাজুলীত সত্ৰাধিকাৰসকলৰ জীৱনযাত্ৰা তেওঁলোকে পালন কৰা বিভিন্ন নীতি-নিয়ম, সত্ৰাধিকাৰসকলৰ প্ৰতি শিষ্যসকলৰ দৃষ্টিভংগী, এগৰাকী বিধৱা তিৰোতাৰ একমাত্ৰ গাভৰু ছোৱালীজনীক লৈ হোৱা সংকট আৰু সেই সংকটৰ প্ৰতি অন্যান্য মানুহৰ সঁহাৰি আদি নানা প্ৰসংগ এই গল্পটোৱে সামৰি লৈছে।

 গল্পটো লেখকে আৰম্ভ কৰিছে বানপানীৰ প্ৰসংগৰে। প্ৰতিবছৰে মাজুলীত হোৱা বানে মানুহক জুৰুলা কৰি মাৰে৷ সেই সময়ত ডাঙৰ সত্ৰসমূহে তেওঁলোকৰ সাঁচতীয়া ধন-ধানৰ জোৰত সংকট চম্ভালি লয় যদিও অধিক সমস্যা হয় সৰু সৰু সত্ৰসমূহৰ। সৰু সত্ৰসমূহৰ মাটি-ভেটিও কম, প্ৰজাৰ সংখ্যাও কম— গতিকে সেইবোৰ এক তীব্ৰ সংকটত পৰে। অথচ একে সময়তে সত্ৰৰ সত্ৰাধিকাৰে নিজস্ব মৰ্যাদা আৰু সন্মান বজাই ৰাখি চলিবলগীয়া হয়। কিন্তু ভোক আৰু অভাৱৰ তাড়নাত কিদৰে এগৰাকী সত্ৰাধিকাৰ প্ৰভুয়ে ধান-চাউল সংগ্ৰহৰ বাবে নিজৰ শিষ্যসকলৰ ঘৰে ঘৰে ঘূৰি ফুৰিবলগীয়া হয়, তাৰ কৰুণ বিৱৰণ পোৱা যায় গল্পটোত। শিষ্যসকলৰপৰা সেইবোৰ সংগ্ৰহ কৰোঁতেও নানা নীতি-নিয়ম মানি চলিব লাগে। তেনে নীতি-নিয়মবোৰৰ কথাও গল্পকাৰে ঈষৎ ব্যংগৰ সুৰত উল্লেখ কৰিছেঃ

৯০॥খোজৰ শব্দ