এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

“সেয়া, বিজুলীৰ একা-বেঁকা ৰেখা এডাল আকাশৰ মাজৰ পৰা সন্মুখৰ
নৰানিৰে ভৰা বহল পথাৰখনৰ বুকুলৈ নামি আহিল নেকি? হয়, তাৰ
পাছত কেৰ কেৰ ক্ৰোৎ। কাষতে ক'ৰবাত বজ্ৰপাত হ’ল। এনেকৈ বজ্ৰপাত
হ’লেতো এৰাবাৰীৰ সবাতোকৈ ওখ চেৱা গছবোৰৰ দুই এজোপা মাজে
মাজে দুফাল হৈ পৰে। এফাল যদি থিয় হৈ থাকেও, আনফাল পুৰি আধা
ছাই হৈ যায়।” (‘বীৰা’, পৃ. ১২-১৩)

 আখ্যান-ধৰ্মী কাহিনী এটাৰ ঠাচত বৰ্ণিত ‘মেঘ’ গল্পটোত বিধৃত হৈছে মানৱীয় পৰিমণ্ডলৰ প্ৰতিকূলতাক প্ৰতিহত কৰি জীৱন-জগতত খলকনি তুলি থকা জীয়াই থকাৰ জৈৱিক তাড়না। পাটকাই পাহাৰৰ নামনিৰ এক বিস্তৃত অঞ্চলত প্ৰচলিত মাত-কথাৰ উপভাষিক প্ৰাচুৰ্যই কাহিনীটোত সমাৱেশ ঘটাইছে এক বহু আয়তনবিশিষ্ট কথনগুচ্ছৰ। উপ-কাহিনী এটাৰ অচিলাৰে কৃষক দম্পতি সোণেশ্বৰ-ঘনকান্তিৰ কথকতাই গতি লাভ কৰিছে। অনাবৃষ্টি দুৰ্ভিক্ষত জুৰুলা গঞাৰ দুৰ্বিসহ জীৱনৰ পটভূমিটোৰ আঁৰে আঁৰে সামাজিকতাত অন্তৰ্হিত ৰাজনৈতিক অৱস্থানসমূহক একধৰণৰ নিৰাসক্ত বস্তুনিষ্ঠতাৰে উন্মুক্ত কৰি দেখুওৱাৰ প্ৰয়াস কৰিছে আৰোপিত লেখকে : ‘অজলা নগা গঞা মানুহখিনি’ অথবা ‘খিচটান বাগানীয়া’ এনে অৱস্থানৰ দুই প্ৰতিভূ শ্ৰেণী। কল্পনাৰ সূক্ষ্মতাৰে গল্পটোৰ শেষ ডোখৰত উন্মোচিত হৈছে এক তাৎপৰ্যপূৰ্ণ দ্বন্দ্বাৰ্থ। খেতি-খোলাতে জীৱনৰ যাৱতীয় সম্বলৰ সন্ধান সোণেশ্বৰ আৰু ঘনকান্তিৰ৷ তাতে খৰাঙৰ এনে চোক যে মানুহহালৰ পানীত তেনেই হাঁহ নচৰা অৱস্থা। এনেতে এনিশা সোণেশ্বৰৰ ‘ৰিম্ ৰিম্‌কৈ জ্বৰ উঠিল। দুবাৰ নে এবাৰ বাহিৰলৈ গৈ বতিয়ালেও’ (পৃ. ১৩২)। পদেশ্বৰ বেজে পিছদিনাখন আহি দেখে ‘সোণেশ্বৰৰ ভৰিৰ গেৰোৱা দুটা ছিৰাল ফটা দিয়া; ঠিক যেন ছিটা-ছিট হোৱা ধাননি পথাৰখনহে’ (পৃ. ১৩৩)। পৰীক্ষা-নিৰীক্ষাৰ অন্তত বেজে আচম্বিতে উমান পায় বাঁওভৰিৰ বহল ফাট এটাত জীয়ন ধৰা ধানৰ বীজ একোটাৰ। ‘ধানটোৱে গোৰোৱাৰ ফাটটোৰ ভিতৰতে শিয়া মেলিছে। দেখাত মাচুৰি ধান যেন লাগে। দুখিলা কোমল সেউজীয়া পাতো আধা আঙুল মান হৈছে’ (পৃ. ১৩৪)। কাহিনীৰ এনে অনাকাংক্ষিত আৱৰ্তনে গল্পৰ ৰসায়নক পুৰাকথাৰ বিস্ময়াবহ থূলটোৰে ওচৰ চপাই নিব। লোকজীৱনৰ অভিধেয় কুহকী বাস্তৱতাৰ কল্পিত প্ৰবহন। তেজীমলাৰ পুতি থোৱা দেহটোৰ পৰা লাওগছ এজোপা লহপহকৈ গজালি মেলি সাউদনীৰ ঘৰৰ ঢেঁকীশালৰ চালত বগাবলৈ লোৱাৰ কাহিনী এনে প্ৰকৃতি আৰু মানৱৰ symbiotic সংসৰ্গৰ অধুনা উপলব্ধ আদিৰূপ (archetype)। অৱশ্যে কাহিনীৰ পুৰাকাথনিক প্ৰৱণতাই একধৰণৰ ঐতিহাসিক বিনিমাৰ্ণৰ দিশেও আঙুলি টোঁৱায় একেসময়তে। প্ৰতীকী

৮২॥খোজৰ শব্দ