এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ডালটোত বান্ধি তললৈ ওলোমাই থোৱা ৰচি এডালো কিজানি তাই দেখা
পালেহেঁতেন।” (“কাৱৈমাৰী সত্ৰৰ অতিথি’, পৃ-৩২)

 গল্পৰ কাঠামোত প্ৰক্ষেপিত এনে একোখন লীলাময় জগতৰ সৈতে আজিৰ পঢ়ুৱৈয়ে অনুভৱ কৰিব এক দুস্তৰ ব্যৱধান। অথচ ৰহস্যই উদ্বেলিত কৰা জীৱনৰ প্ৰবাহত অন্তলীন সংঘৰ্ষ আৰু সংঘাতৰ সংকেতসমূহকো কাহিনীৰ সিয়নীত ফুটাই তোলাৰ প্ৰয়াস কৰিছে কথকসত্তাই, যিকোনো প্ৰজন্মৰ পাঠকেই য’ত একাত্ম নহৈ নোৱাৰে। আলোচ্য গল্পটোৰ উপৰি ‘বাঁকৰ সাধু’, ‘ভাদৈ পেহী’, ‘মেঘ’ প্ৰভৃতিৰ বয়নত সমাৰোপিত হৈছে জনজাতীয়, সামন্তীয় আৰু পুঁজিবাদী সংস্কৃতিৰ কেতবোৰ থৈয়া-নথৈয়া দ্বন্দ্ব। লোকশ্ৰুতিৰ পাৰলৌকিক অধ্যায় একোটাৰে পাতনি মেলা ‘বাঁকৰ সাধু’ত কমলা কুঁৱৰীৰ বৃত্তান্তই একধৰণৰ সম্প্ৰসাৰিত ৰূপক (expanded meta- phor) হিচাপে পোহৰাই তুলিছে কমলা গাঁওবুঢ়াৰ অসহায়তা আৰু নিৰালম্ব প্ৰতীতি। ‘পুলিয়ে-পোখাই এটা বৃহৎ পৰিয়ালৰ মূল মানুহ কমলা গাঁওবুঢ়া। তেওঁৰ ডাঙৰটো পুতেক গজেন আমেৰিকাত থাকে।ইয়াত মনৰ মত চাকৰি নাপাইহে তালৈ গৈছিল। এতিয়া তাৰ তেল কোম্পানী এটাৰ হাত দীঘল বিষয়া। মাজতে তিনিটা পদূলি সুঙা ভতিজাককো তালৈ নি কামত ভৰাই দিছেগৈ। নিজেও তাত মেমনি এজনী বিয়া কৰাইছে। সুখৰ সংসাৰ’ (পৃ. ৩৭)। অপমৃত্যুৰ প্ৰহেলিকাময় সুৰ একোটাত গল্পটোৰ পৰিসমাপ্তি। কথ্যৰ প্ৰৱাহত ঘণীভূত দুই প্ৰজন্মৰ নিস্তৰংগ আত্মীয়তাত যেন সনাতন প্ৰমূল্যবোৰ উৱলি যোৱাৰ উপক্ৰম। বৈষয়িক সমৃদ্ধি সুনিশ্চিত কৰাৰ আধুনিক দৃষ্টিভংগীয়ে প্ৰাক-ব্যক্তিবাদী যুগটোৰ লেখীয়াকৈ বাস্তৱ সমস্যাৰ কোনো কাল্পনিক সমাধানক আজি আৰু প্ৰশ্ৰয় দিয়াৰ কথা নাহে। কথাষাৰ টং কৰিব পাৰিয়েই ভাদৈ পেহী ৰাতিটোৰ ভিতৰতে লৱৰি আহি ওলাইছেহি ৰাজধানীত থকা ভতিজাক বাপুকণৰ ওচৰত; উদ্দেশ্য— পুতেকৰ বাবে মেট্ৰিক পাছ চাৰ্টিফিকেট এখন নি দিব পাৰিলেই হ’ল।‘মাটি-বাৰীবোৰ ভগা-ভগি হ’ল। খেতি কৰিলেও নোজোৰে। আও খেতি-বাতি থাকিলেও আজি-কালিৰ দিনত হও-হুৱা চাকই এটা লাগে’ (‘ভাদৈ পেহী’ পৃ. ১৬০) জানিয়েই তেওঁৰ খাটনি— ‘ঘৰৰ ভেটিটো বন্ধকত থৈ টকা দুহেজাৰ লৈ আহিছো। টকাৰ বাবে চিন্তা নকৰিবি’ (পৃ. ১৬১)। কাহিনীটোত দুখন জগতে সহাৱস্থান কৰি আছে একেসময়তেঃ উজনি অসমৰ কথ্যভাষাই তলব কৰা নিৰ্ভাঁজ গ্ৰামীণ সৰলতা ইয়াত মহানাগৰিক জীৱনছন্দৰ প্ৰতিমুখী। সক্ষমতাৰ সূত্ৰ আৰু পুঁজিনিৰ্ভৰ সম্পৰ্কৰ সংস্ৰৱে মানৱীয় অনুভূতিৰ জগতখনক যেন অপসাৰিত কৰিছে বহু দূৰলৈ। একধৰণৰ নিৰ্বাক অসহায়তাৰ প্ৰতিভূস্বৰূপ ভাদৈ পেহী অথবা

কমলা গাঁওবুঢ়াৰ দৰে চৰিত্ৰসমূহ। সাংগঠনিক বিশিষ্টতাৰ ফালৰ পৰাও খাটনিয়াৰৰ

খোজৰ শব্দ॥৭৯