এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নামনিলৈ, পাহাৰৰপৰা ভৈয়ামলৈ গোটেই অসমখন তেওঁৰ গল্পত আছে। মুৰাকামিৰ দৰে তেওঁ অৱশ্যে কল্পনা আৰু সপোনৰ প্ৰেক্ষা (Horizon) একাকাৰ কৰি তোলা বিৱৰণী আমাক দিয়া নাই — সিমানখিনি বৰ্ণাঢ্যতা (exposure) হয়তো তেওঁৰ জীৱনলৈও অহা নাছিল, কিন্তু সীমিত সুযোগৰ ভিতৰত নিমিতিৰ স্বাধীনতা তেওঁ গ্ৰহণ কৰিছে। বিষয়বস্তুৰ ভিন্নতাৰ লগে লগে গল্পৰ বিৱৰণী বা কথকতাও হৈ পৰে সুকীয়া। এই এজন অসমীয়া গল্পকাৰ অসমীয়া সাহিত্যই পাইছে, যি বিষয়বস্তুৰ মেজাজ অনুসৰি কথনভংগীও সলনি কৰি দিয়ে। সেয়েহে বিপুল খাটনিয়াৰৰ গল্পবোৰ একেধাৰে পঢ়ি গ’লেও আমনি নালাগে, কিয়নো পাঠকে জানে যে, প্ৰতিটো গল্পই আৱিস্কাৰৰ নতুন এটা আনন্দ দিব। বিষয়বস্তুৰ বিচিত্ৰতাৰ দৰেই বিপুল খাটনিয়াৰৰ সংবেদনাৰ গাঢ়তা, প্ৰজ্ঞাসম্পন্ন অন্তৰ্দৃষ্টি আৰু সবাৰো উপৰি সাহিত্যত সমাজৰ দ্বান্দ্বিক ৰূপান্তৰৰ চিত্ৰায়ণ অসমীয়া সাহিত্যৰ এক বিৰল সম্পদ বুলি গণ্য কৰিব পাৰি।

 বিংশ শতিকাৰ সত্তৰৰ দশকৰ অসমৰ বাঁও-গণতান্ত্ৰিক আন্দোলনৰ বৌদ্ধিক চিন্তা-চৰ্চাৰ ধাৰাটোৱে নতুনকৈ প্ৰাণ লাভ কৰিছিল। সাহিত্য আলোচনী ‘নতুন পৃথিৱী’য়ে এই বৌদ্ধিক পৰিবেশ গঢ়ি তুলিছিল। এই আলোচনীখনক কেন্দ্ৰ কৰিয়েই বিভিন্নজনে গল্প-কবিতা লিখিছিল। বিপুল খাটনিয়াৰ এই ধাৰাটোৰপৰা উঠি অহা আটাইতকৈ উজ্জ্বল সৃষ্টিশীল জ্যোতিষ্ক। সত্তৰ-আশীৰ দশকত কবিতাৰ ক্ষেত্ৰখনতো মোহন কৃষ্ণ মিশ্ৰই এক নেতৃত্বকাৰী ভূমিকা গ্ৰহণ কৰিছিল। কিন্তু সেই যাত্ৰাই পৰিপক্কতা লাভ কৰাৰ আগতেই শাৰীৰিক অসুস্থতা আৰু কালে তেওঁক হৰি নিলে। এইক্ষেত্ৰত বিপুল খাটনিয়াৰে প্ৰায় অকলেই অসমীয়া গল্পৰ শৈল্পিক আৰু দ্বান্দ্বিক ৰূপান্তৰৰ সংশ্লেষণৰ যাত্ৰাটি বহুদূৰ আগুৱাই নিয়া বুলি ক’ব পাৰি। কিন্তু যিহে তেওঁৰ গল্পৰ পঠন আকৰ্ষণীয় কৰি তোলে সেয়া হৈছে গল্পত সমাজৰ দ্বান্দ্বিক ৰূপান্তৰৰ সফল প্ৰয়োগৰ লগতে লগতে অসমীয়া সাহিত্যৰ ঐতিহ্যৰ চিত্ৰায়ন আৰু ভাষাৰ কালিকা— যি জীৱন্ত। অসমৰ বিভিন্ন ঠাইৰ স্থানীয় কথনভংগীক তেওঁৰ দৰে সফলভাৱে গল্পত স্থান দিয়া গল্পকাৰ আন এজন পাবলৈ নাই। বিপুল খাটনিয়াৰে আদৰ্শগতভাৱে মাৰ্ক্সবাদত বিশ্বাস কৰিছিল। কিন্তু এজন প্ৰকৃত মাৰ্ক্সবাদীৰ দৰেই মানুহৰ মাজলৈ যাবলৈ তেখেতক এটা নিৰ্দিষ্ট দৰ্শনৰ প্ৰয়োজন হোৱা নাছিল। তেওঁৰ মানুহৰ মাজলৈ যোৱাৰ এক সহজ বাট আছিল, যি বাট পাহাৰৰপৰা নামি অহা নিজৰাৰ গতিৰ দৰেই স্বাভাৱিক। মানুহৰ প্ৰতি থকা দৰদেহে সমাজত সাধাৰণতে উপেক্ষিত হৈ থকা, আনৰ চকুত নপৰা মানুহবোৰৰ জীৱনৰ আশ্বৰ্যকৰ কাহিনী

আৰু ঐশ্বৰ্য-বিভূতিবোৰ বুটলি আনিবলৈ তেখেতক প্ৰেৰিত কৰে— ই প্ৰাথমিক

৭০॥ খোজৰ শব্দ