এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গোপালক দে। সাৱধান কিন্তু। অলপ ইফাল-সিফাল হ’লেই...। ঘাঁচু বাবুৰ নতুনকৈ অনা ট্ৰাকখনত বনুৱা কেইজনে এডাল ভেলু কাঠ উঠাবলৈ প্ৰয়াস কৰিছে।

বনুৱাকেইজনৰ মুখত গল্পকাৰে বাস্তৱৰ সংলাপ সংযোগ কৰিছে :

 ‘চিপিয়াৱালা’
 — হেইচৌ!
 ‘ফাঁকি দেতা’
 —হেইচৌ!!
 ‘ফাকি কাম’
 —হেইচৌ!!
 ‘নমক হাৰাম’
 —হেইচৌ॥

 সনাতনৰ মুখৰ ভাষা : ‘জোৰ লাগাকে/হেইচৌ!/‘মন খোলকে/হেইচৌ!!

 লগৰীয়া বনুৱা সনাতনৰ মৰাশটো তাৰ ঘৰত চমজাই দিবলৈ বনুৱাকেইজনৰ কথোপকথনখিনি বিশেষভাৱে উল্লেখনীয়।

 ‘হেণ্ডিমেন মাহাটোৱে সুধিলে, ঘাঁচু কুট্টাই জানো গাড়ী দিব’।

 ‘চামচেৰ মিঞাই দৃঢ়ভাৱে ক'লে, ঘাঁচু বেটাই নকৰিলে বুলি আমিও বহি থাকিমনে?’ এই ‘ঘাঁচু বাবুৰ মহল’ গল্পটোৰ ক্ৰমবিকাশত ক্ষুৰধাৰ সংলাপবোৰৰ এক প্ৰভাৱশালী ভূমিকা আছে। গল্পটো খাটনিয়াৰৰ দহটা সমাজ সচেতন গল্পৰ ভিতৰৰ এটা।

 আৰু এটা কথা। বিগত তিনিটা দশকৰ অসমীয়া গল্প সাহিত্যত আমাৰ মধ্যশ্ৰেণীৰ অন্তৰ্ভুক্ত গল্পকাৰসকলৰ বেছিভাগেই মধ্যবিত্তীয় খামখেয়ালি আৰু সীমাবদ্ধতাৰ পৰা মুক্ত বুলি ক'ব নোৱাৰি, যদিও তেওঁলোকৰ হাততেই বহু ভাল গল্পই ধৰা দিছে। অন্যহাতে, বিপুল খাটনিয়াৰৰ গল্প লেখাৰ আঁৰৰ উদ্দেশ্য অৱসৰ বিনোদন নহয়, সমাজৰ তাগিদাতহে তেওঁৰ গল্পৰ নেপথ্য গঢ় লৈ উঠিছে। অতি সাম্প্ৰতিক অসমীয়া শক্তিশালী প্ৰগতিশীল গল্পৰ ভিতৰত খাটনিয়াৰৰ একাধিক গল্পৰ শিৰোনাম উল্লেখ কৰিব পাৰি। এই সম্যক আলোচনাত এজন সাধাৰণ পাঠকৰ দৃষ্টিৰে তেওঁৰ গল্পৰ উদ্দেশ্য-বিধেয় দাঙি ধৰা হ’ল। সুধীজনে বিপুল খাটনিয়াৰৰ গল্পৰ মাজত আৰু অধিক গৱেষণাৰ সমল বিচাৰিলে তেওঁৰ গল্পখিনিৰ পূৰ্ণ মূল্যায়নৰ লগতে, সাম্প্ৰতিক অসমীয়া গল্প সাহিত্যৰ আৰু নতুন দিশ হয়তো উন্মোচিত হ’ব।❐

(লেখক এগৰাকী প্ৰগতিশীল সাহিত্যিক, সাহিত্য সংগঠক)

৬৬॥ খোজৰ শব্দ