এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চৰিত্ৰবোৰ গল্পকাৰে সেই উদ্দেশ্য আগত ৰাখিয়েই সজাই তুলিছে। কাহিনীও অনুৰূপ ধৰণে আগুৱাইছে। গল্পৰ ভাষা সেয়ে সৰল হৈয়ো দ্বন্দ্বমূলক। যিবোৰ ঘটনা আৰু কাহিনীয়ে আমাৰ সমাজ জীৱনক ব্যথিত কৰি তুলিছে সেইবোৰেই আছে উল্লিখিত গল্পবোৰৰ মাজত।

 যদিও আমাৰ বহুধাবিভক্ত জাতীয় জীৱন, কিন্তু তৃণমূলৰ সমস্যাৰ মাজত কোনো ‘হিমালয়ৰ প্ৰাচীৰ’ নাই। একেই কথকতা, একেই যন্ত্ৰণা আৰু একেই সম্ভাৱনা। ‘চেগুন বনৰ কথা’ বা ‘মিজোজাই’ বা ‘দখাৰ’ বা ‘সোণটিগৰীয়া’ যিয়েই নহওক কিয়। পাঠকে ‘চেগুন বনৰ কথা’ত লুনচে নামৰ জীৱিকাৰ তাড়নাত অজগৰ এটা ধৰিবলৈও কুণ্ঠাবোধ নকৰা ওঠৰ বছৰীয়া ল’ৰাটো আৰু হন্তাহ নামৰ কন্যাক নগা ল’ৰাটোৰ জীৱনশৈলীৰে মাজত এক অদৃশ্য সাদৃশ্য দেখা পাব। ঠিক লগে লগে পাঠকৰ সমুখত দুয়োটাৰ মাজত জীপ লৈ উঠা সহানুভূতিৰ অপূৰ্ব চিত্ৰও পৰিলক্ষিত হ’ব। গল্পটোত কাহিনী ক্ৰমে ‘হুনচেৰ পেণ্টটো ফিচিকিছিল। অজগৰ ডাল কঢ়িয়াই আনোতেও কেইবা ঠাইতো শুকান ডাল আৰু আঁকোৰা কাঁইটে টানি ধৰিছিল৷ এতিয়া, ঠিক এই মুহূৰ্তত সি পেণ্টটো পিন্ধা আৰু নিপিন্ধাৰ মাজত বৰ বেছি পাৰ্থক্য নোহোৱা হৈ পৰিল’। সেইদৰে হস্তাহৰ সঁহাৰিৰ সুৰ মন কৰিবলগীয়া : ‘আমি লাগা কাপোৰখান আপুনি লাগা লগাব আছে’। আমাৰ সমাজজীৱনৰ এইয়াই এক নিৰ্ঘাত বাস্তৱতা নহয়নে? ‘হাৰমনিয়াম’তো একেজাতীয় ধ্বনি প্ৰৱাহিত হৈ আছে। এটা স্থানীয় ৰেলযাত্ৰাৰ কাহিনীৰ আলমেৰে আৰম্ভ হৈছে বিষয়বস্তুৰ প্ৰসাৰ আৰু পৰিণতি। জন্মান্ধ ৰমজানো যেন একেই নিঃকিন চৰিত্ৰ। গল্পটোৰ অন্ত পৰিছে ৰমজানৰ হামনিয়ামত বাজি উঠা গীজাঘৰৰ এটি প্ৰাৰ্থনা গীতেৰে য'ত লেখকে পল ৰবচনক দেখা পাইছে। এফালে সাম্প্ৰদায়িক সম্প্ৰীতিৰ ধ্বনি আৰু সমান্তৰালভাৱে শ্ৰেণী বিপ্লৱৰ প্ৰতিধ্বনি। ‘মিজোজাই’ত শিল ভঙা মানুহৰ জীৱনৰ স্পন্দন বিচাৰি গল্পকাৰ গুছি গৈছে ‘চাই বুটাটং’ নামৰ এখন ক্ষুদ্ৰ গাঁৱৰ পৰিৱেশলৈ। যিখন গাঁৱৰ লোকে শিলভঙা বৃত্তি এৰিলে ঘৰত লাল বাটি জ্বলিব। শিলভঙাৰ সংগ্ৰামৰ লগতে ধৰ্মঘটো সিহঁতৰ জীৱনৰ অবিচ্ছেদ্য অংশ হৈ পৰিছে। লালেন মুৱা আৰু মাপু-চি নামৰ শ্ৰমিক নৰ-নাৰীহালৰ মাজৰ এক প্ৰেমৰ চিত্ৰয়ো গল্পটোৰ মূল কাহিনীটোৰ সৌন্দৰ্য বৃদ্ধি কৰিছে৷ অন্যতম এক থলুৱা অসমীয়া জনগোষ্ঠী গৰীয়া সমাজৰ শিপাৰ সন্ধান কৰিছে গল্পকাৰে ‘সোণটি গৰীয়া’ৰ মাজত। ‘তবলীগ’/ইস্তেমা’ৰ মাজতো থলুৱা মুছলমানে মৌলিক চৰিত্ৰ অটুত ৰাখিছে। গল্পটোৰ সামৰণি বাক্যটো সেয়ে : ‘গৰীয়া

মুছলমানে তাজিয়া নেখেলে’। এটা সময়োপযোগী গল্প। উত্তৰ-পূৰ্বাঞ্চলৰ

খোজৰ শব্দ॥ ৬১