এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিপুল খাটনিয়াৰৰ গল্প : পাঠ প্ৰতিক্ৰিয়া

প্ৰাঞ্জল তালুকদাৰ

বিপুল খাটনিয়াৰ অসমীয়া কাহিনী সাহিত্যৰ এক শক্তিশালী কথক। তেখেতৰ গল্পৰ স্মৰণযোগ্য আলোচনা তেনেই তাকৰ। অথচ অবিস্মৰণীয় কথাশৈলীৰে তেখেতে সৃষ্টি কৰিছে পঢ়ুৱৈৰ হৃদয়ত দাগ কাটি যোৱা গল্পমালা। আশীৰ দশকৰপৰাই আমাৰ আমাৰ সাহিত্যিক সমৃদ্ধ কৰা খাটনিয়াৰে ‘খোজৰ শব্দ’, ‘চিনাকি মুখৰ ছবি’, ‘দখাৰ’, ‘তাই কাপোৰ নিপিন্ধে’, ‘ভিন্ন জীৱন ভিন্ন কথকতা’, ‘চিনাকি মুখ অচিনাকি ছবি’, ‘ঘঁৰিয়ালডাঙাৰ কথা’, ‘হাৱা ভালা চলা নাই’ আদি গল্পপুথি ৰচনা কৰিছে। খাটনিয়াৰৰ গল্পত পঢ়ুৱৈয়ে বিচাৰি পায় গল্পপাঠৰ এক অনন্য আনন্দ। তেখেতৰ গল্পই সামাজিক জীৱনৰ নানা সংৰূপ আমাৰ সন্মুখত উন্মোচিত কৰি তোলে। ব্যক্তি জীৱনৰ অনুষংগতকৈ তেখেতৰ গল্পত সামূহিক কণ্ঠস্বৰে বাৰে বাৰে ভূমুকি মাৰে। ভাষাৰ এক বিৰল বয়নেৰে খাটনিয়াৰে গল্পত উন্মোচন কৰে প্ৰান্তীয় আৰু নিম্নবৰ্গীয় জীৱনৰ নানা ছবি। অভিজ্ঞতাৰ বিশালতা আৰু ক্ষেত্ৰ অধ্যয়নৰ নৈপুণ্যই খাটনিয়াৰৰ সৰহভাগ গল্পক এক অন্য আয়তন প্ৰদান কৰিছে। সামূহিকতাৰ কথা কওঁতে এইজন গল্পকাৰে বাৰে বাৰে মানৱতাৰ নিবিড় অনুসন্ধান কৰিছে। ৰাজনৈতিক বাস্তৱতাৰ নানা দিশ খাটনিয়াৰৰ গল্পত আদিপৰ্বৰপৰাই এক অন্যতম বৈশিষ্ট্য হৈ পৰিছে। তেখেতে অসম আন্দোলনৰ অমানৱীয় হত্যা-হিংসাৰ সজোৰ প্ৰতিবাদ কৰিছে। তেখেতৰ গল্পত বাৰে বাৰে উঠি অহা দেখা যায় নেলী, গহপুৰ, ফুলুং চাপৰি ইত্যাদি। অসম আন্দোলনৰ পটভূমিত তেখেতে কেইবাটাও স্মৰণীয় গল্প ৰচনা কৰিছে। ‘ধুমুহাৰ পাছত’ তেনে এটা গল্প; য’ত আন্দোলনৰ হিংসাৰ বিপৰীতে চিৰায়ত মানৱতাৰ সন্ধান কৰা হৈছে। বিপৰ্যস্ত সমাজ জীৱনৰ কথক হোৱা বাবে শ্লেষ আৰু বক্ৰোক্তিৰে

খাটনিয়াৰে সেই সমাজৰ নানা ভণ্ডামি উদঙাই দেখুৱাইছে। ‘কৈলতাকুছিৰ চ’ক’

খোজৰ শব্দ॥৫৫