এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অলপ দূৰলৈকে দেখা গন্ধেশ্বৰ বৰ-বৰ্তাই এদিন গাঁওবুঢ়া মনেশ্বৰ
তাঃতক ক’লে, ‘বাওনা (ভাওনা) চাম বুলি কৈছিলি, চা এতিয়া, চাই
তাক।” (“ঘঁৰিয়ালডাঙাৰ কথা’,পৃ ১৪৭)

 বৰ্ণনাৰ সাৱলীলতা বিপুল খাটনিয়াৰৰ গল্পৰ অন্যতম সাৰ্থক দিশ। গল্পসমূহত পৰিস্থিতি, অঞ্চল, জনগোষ্ঠী অনুযায়ী ভাষায়ো ভিন্ন ৰূপ ধাৰণ কৰে। গ্ৰাম্য পৰিৱেশৰ গল্পত গ্ৰাম্যসমাজৰ পৰা হেৰাই যাব ধৰা ভাষিক ৰূপটো খাটনিয়াৰৰ কেইবাটাও গল্পই ধৰি ৰাখিছে। লোক জীৱনৰ মুখত খাপ খোৱা ভাষাই বিলুপ্তমুখী নিভাঁজ অসমীয়া শব্দবোৰ ধৰি ৰাখিবলৈ সক্ষম হৈছে। ‘এতিয়া’-ৰ ঠাইত ‘এথোন’, ব’ল যাওঁৰ ঠাইত ‘বৈ যাওঁ” আদি ভাষাৰ ৰূপগত বৈশিষ্ট্যই গল্পৰ পৰিৱেশ জীৱন্ত কৰি তোলাত অৰিহণা যোগাইছে। বুৰঞ্জীৰ ভাষাৰ দৰে বহুকেইটা গল্পত ‘পাচে’ শব্দৰে বাক্যৰে আৰম্ভণি ঘটিছে। গ্ৰাম্য বৰ্বৰ (slang) ভাষাও চৰিত্ৰ উপযোগীকৈ ঠায়ে ঠায়ে প্ৰয়োগ কৰা হৈছে। কোনোটো গল্পত যদি নামনি অসমৰ ভাষাৰ ৰূপগত ভিন্নতা চৰিত্ৰসমূহৰ সংলাপে প্ৰকট কৰোৱাইছে, আন কোনোটো গল্পত উজনিৰ দিখৌপৰীয়া জনগোষ্ঠীৰ কথোপকথনকো খাটনিয়াৰৰ গল্পই ধৰি ৰাখিছে। কাৰ্বি-বড়ো-আদিবাসী সকলো জনগোষ্ঠীৰ ভাষিক উপাদান, কথোপকথনৰ নমুনা যথোপচিতভাৱে প্ৰয়োগ হৈছে বিপুল খাটনিয়াৰৰ গল্পত।

 কোনোটো গল্পত হিন্দীভাষী সমাজখনৰ যদি পৰিৱেশ দেখুৱা হৈছে, তেন্তে চৰিত্ৰসমূহৰ ভাষাত হিন্দীভাষীসকলে ব্যবহাৰ কৰা শব্দ, যদি মুছলমান সংখ্যালঘু সমাজৰ চৰিত্ৰৰ কথা কয়, তেন্তে তাত ইছলামিক শব্দৰ সাৱলীল প্ৰয়োগ দেখা গৈছে৷ ইয়াৰ ফলত চৰিত্ৰ আৰু সমাজখনৰ সৈতে পাঠক একাত্ম হোৱাৰ অৱকাশ থাকে। অসমৰ থলুৱা জনজীৱনৰ ভাষা অধ্যয়নৰ ক্ষেত্ৰত খাটনিয়াৰৰ বহুকেইটা গল্প সাহিত্যিক সমল হৈ পৰাৰ থল আছে।

 ঐতিহ্য-প্ৰীতি, পৰম্পৰাৰ দ্বন্দ্ব তেওঁৰ কেইবাটাও গল্পৰ সাধাৰণ বিশেষত্ব হৈ ধৰা দিছে। ‘শিহু’ গল্পটোৰ আৰম্ভণিতে দেখা গৈছে—‘লুইতৰ বুকুত গোটেই শিহু কিন্তু গল্পটোৰ সমাপ্তিত ‘ক্ৰমাৎ অন্ত পাবৰ উপক্ৰম ঘটা ‘অসমীয়া ডলফিন’ এটাই টুপাই বুৰ মাৰিছে’। এই শিহুটো ধৰ্মীয় মূল্যবোধ আৰু বিশ্বাসৰ প্ৰতীক। ঐতিহ্যপূৰ্ণ মঠ-মন্দিৰৰ প্ৰতি থকা সামাজিক মূল্যবোধৰ ভেটি নিঃশেষ হৈছে, তাৰ ঠাইত ‘বণিয়া’ মানসিকতাৰে ধৰ্মীয় উপাসনাস্থলী নিৰ্মাণ কৰি বিশ্বাসৰ দৰদামত প্ৰবৃত্ত হৈছে আন একাংশ লোক। তেনে এক পটভূমিত গঢ় লৈছে গল্পটোৰ কাহিনীভাগ। ঐতিহ্য চেতনাৰ উপৰি লোকসংস্কৃতি তথা সমাজ-জীৱনৰ ৰেহৰূপ তুলি ধৰাতো

৪৪॥ খোজৰ শব্দ