এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উপস্থাপন তথা বিশ্লেষণ এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিংশ শতাব্দীৰ সাহিত্যত ন ন ৰূপত আলোচিত হৈছে। বিশ্ব সাহিত্যৰ ক্ষেত্ৰখনত এনেবোৰ প্ৰসংগৰ উত্থাপনত ন ন আংগিক, ভাষা, প্ৰতীকাত্মক সংশ্লেষণ তথা ইতিহাস নিৰ্মাণ প্ৰক্ৰিয়াৰ পুনৰ অধ্যয়নৰ বিশেষ সংযোজন মন কৰিবলগীয়া। সংখ্যালঘু (ভাষিক, ধাৰ্মিক, নৃগোষ্ঠীয় আদি) সম্প্ৰদায়ৰ জটিল সামাজিক অৱস্থানৰ অধ্যয়নে ‘প্ৰান্তীয়কৰণ’ৰ সামাজিক- ৰাজনৈতিক বিশ্লেষণৰ এক বিশিষ্ট অংগ হিচাপে বিশ্ব সাহিত্যত ঠাই দখল কৰিছে। গতিকে প্ৰান্তীয়তাৰ এনে প্ৰসংগ আঞ্চলিক ভাষাৰ সাহিত্যত কিদৰে উত্থাপিত হৈছে সেয়া চালি জাৰি চাই ঠাইভিত্তিক (Local) বিশিষ্টতাৰ ধাৰণা গঠনত সহায়ক হোৱাৰ উপৰিও ‘প্ৰান্তীয়তা’ৰ প্ৰসংগই সামৰি লোৱা জটিল সামাজিক সংৰচনাসমূহে সমসাময়িক ৰাজনৈতিক পৰিপাৰ্শ্ব কিদৰে অধিক জটিলতাৰ দিশে আগবঢ়াই নিয়ে তাৰ এক সামগ্ৰিক পৰ্যবেক্ষণ লাভ কৰিব পাৰি।

 উত্তৰ ঔপনিৱেশিক সমালোচনাই বাট মোকলাই দিয়া প্ৰান্তীয়তাৰ অৱস্থানত আলোচ্য বিষয়ী (Subjectivity)সমূহৰ ভিতৰত নাৰীৰ লৈংগিক প্ৰান্তীয়কৰণ, বৰ্ণবাদী প্ৰান্তীয়কৰণৰ বলি হোৱা গোষ্ঠীসমূহৰ প্ৰসংগ, ভাৰতীয় প্ৰেক্ষাপটত জাতিগত প্ৰান্তীয়কৰণৰ বৈষম্যৰে চিহ্নিত নিম্নবৰ্গীয় অৱস্থান তথা ভাষিক, ৰাজনৈতিক, নৃগোষ্ঠীয় আদি বিভিন্ন চেতনাৰ আধাৰত চৰ্চিত প্ৰান্তীয়কৰণৰ বলি হোৱা বিষয়ৰ প্ৰসংগ সাহিত্য সমালোচনাৰ আওতালৈ আহিছে। এনে এক প্ৰসংগৰে বিপুল খাটনিয়াৰৰ গল্পৰ আলোচনা কৰোঁতে গল্পকাৰৰ এই বিষয়ৰ প্ৰতি মনোযোগ আৰু প্ৰান্তীয় অৱস্থানৰ লোকৰ জটিল বাস্তৱ আৰু সংকটৰ মানৱীয় উপস্থাপনৰ প্ৰতি সচেতনতা প্ৰকট হৈ উঠে।

 বিপুল খাটনিয়াৰৰ গল্পত প্ৰান্তীয়ভাৱে প্ৰসংগৰ এই আলোচনাত কিছু নিৰ্বাচিত গল্পৰ আধাৰত ৰাজনৈতিক-সামাজিক পাৰিপাৰ্শ্বই নিৰ্ধাৰণ কৰা বিংশ শতাব্দীৰ অসমীয়া সমাজৰ বহুবিভক্ত প্ৰান্তীয় অৱস্থিতিয়ে উন্মোচন কৰা জটিল সামাজিক সংৰচনাসমূহ এনে অৱস্থানৰ বিষয়ীৰ দৃষ্টিভংগীৰে গল্পকাৰে কিদৰে উপস্থাপন কৰিছে তাৰ এক চমু আলোচনা আগবঢ়োৱাৰ প্ৰয়াস কৰা হৈছে। নব্বৈৰ দশকৰপৰা একৈশ শতিকাৰ দ্বিতীয় দশকৰ ভিতৰত এই সময়ছোৱাত ৰচিত এই গল্পসমূহত অৱধাৰিতভাৱেই গল্পকাৰে সমসাময়িক ৰাজনৈতিক আৱহাৱাই আনি দিয়া সংকটৰ প্ৰতি সংবেদনশীলতাৰে তথা নিৰ্মোহভাৱে সমালোচনাত্মক দৃষ্টিভঙ্গী গ্ৰহণ কৰিছে আৰু এনে প্ৰেক্ষাপটত প্ৰান্তীয় অৱস্থিতিৰ যি নিম্নবৰ্গীয় অৱদমিত ইতিহাস তাক পুনৰ উদঙাই দেখুওৱাৰ প্ৰয়াস কৰিছে।

৩০॥ খোজৰ শব্দ