পৃষ্ঠা:Khojar Xabda.pdf/২৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

বৰেণ্য বিপুলদা

অৰুণ কুমাৰ সিংহ

স্বৰ্গীয় বিপুল কুমাৰ খাটনিয়াৰ, মোৰ বাবে বিপুলদা, অতি শ্ৰদ্ধাৰ আৰু মৰমৰ বিপুলদা। তেওঁ আজি আমাৰ মাজত নাই কিন্তু এচাম প্রগতিশীল অসমবাসীৰ মাজত তেওঁ সদায় বিৰাজমান।

 ১৯৮৬ চনৰ নৱেম্বৰ মাহত ভূতত্ত্ব আৰু খনি সঞ্চালকালয়ত চাকৰিত যোগদান কৰাৰ দুদিনমান পাছত লগ পাই চিনাকি হৈছিলোঁ জুৰোড প্ৰশান্তি নামৰ অট্টালিকাত বিষয়াবৰ্গৰ কোঠালিত। চিনাকি হোৱাৰপৰা তেওঁক জানিবৰ এক প্ৰবল ইচ্ছা জাগিছিল।

 লাহে লাহে দিন বাগৰিছিল আৰু মই তেওঁৰ ওচৰ চাপি গৈ আছিলোঁ মোৰ অজানিতে। ইতিমধ্যে ১৯৯০-৯২ চনৰ দুটা ক্ষেত্রভিত্তিক অনুসন্ধানৰ সময়ত তেখেতৰ কনিষ্ঠ বিষয়া হিচাপে কাম কৰিবলগীয়া হৈছিল আৰু এই সময়চোৱাতে মই বিপুলদাৰ অতি ঘনিষ্ঠ হৈ পৰিছিলোঁ।

 ১৯৯০-৯২ চনৰ উমৰাংচুৰ জুই পাহাৰ কেম্প। ৰাতিপুৱা সাত বজাত খাই-বৈ ওলাই যাওঁ আমি তিনি ভূতত্ত্ববিদ, তৃতীয়জন শ্ৰীযুত সুৰেশ চন্দ্ৰ বৰুৱা, ২নং বিষয়া হিচাপে মকৰল হৈছিল। পাহাৰৰ খলা-বমা ভেদি, নলা, জান, জুৰি পাৰ হৈ যাব লাগে। এখন যুঁজ সদায় থাকে। জৰীপ কৰি গৈ থাকোতে ভিন্ন ধৰণৰ চৰাই-চিৰিকতি দেখা পাওঁ আৰু তাৰ মাজত ধনেশ পক্ষীয়ে প্ৰধান । বনৰীয়া কুকুৰাৰ মাত আৰু ধনেশ পক্ষীৰ চিঞৰত টোপনি ভাঙে সদায় পুৱা। জৰীপৰ কাৰণে জংগল চাফা কৰোঁতে এবিধ কমলা ৰঙৰ সাপ আমি প্রায়ে দেখা পাইছিলোঁ। নাম জনাৰ উৎসুকতা আছিল যদিও সফল নহ'লোঁ। স্থানীয় বাসিন্দা কাৰ্বি সম্প্ৰদায়ৰ লোকে নাজানে সাপবিধৰ নাম। ইয়াৰ বাহিৰে ঢোঁৰা সাপ, কাঢ়শলা ইত্যাদি সাপ সচৰাচৰ দেখা পাইছিলোঁ । জন্তু বুলিলে হাতী, পহু, বান্দৰ আৰু বাংকেক (উৰণীয়া কেৰ্কেটুৱা)

২৪৪॥খোজৰ শব্দ