পৃষ্ঠা:Khojar Xabda.pdf/২৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিয়ালে যেনেকৈ আপোনজন হেৰুৱালে, সাহিত্যিক সমাজে এজন বিদ্বান মানুহ হেৰুৱালে, ভূতত্ত্ব সমাজে এজন বিজ্ঞ ভূতত্ত্ববিদ হেৰুৱালে তেনেকৈ মই মোৰ দাদা, এজন শুভাকাঙ্খীক হেৰুৱালোঁ। যি কোনোদিনে পূৰণ নহয়। শেষ সময়ত তেওঁক দেখা নাপালোঁ৷ যেতিয়া খবৰ পালোঁ কভিডৰ কাৰণে কাৰ্ফিউ চলি আছিল। খাটনিয়াদাক আৰু কোনোদিনে নেদেখোঁ বুলি বৰ বেয়া লাগে ভাবিলে। বেয়া লাগে অফিচৰ নতুন ভূতত্ত্ববিদসকলে তেওঁৰ পৰা একো শিকিব নোৱাৰিলে বুলি। তেখেত য’তে আছে সুখত থাকক বুলি প্ৰাৰ্থনা কৰাৰ বাহিৰে আজি মোৰ ক’বলৈ একো নাই। আপুনি মোৰ অন্তৰত সদায়েই থাকিব খাটনিয়াদা, যিটো স্থান কোনেও ল’ব নোৱাৰে।❐

(লেখক এগৰাকী ভূতত্ত্ববিদ, ভূতত্ত্ব আৰু খনি সঞ্চালকালয়, অসম)

কেম্পত এখন্তেক আহৰিত

২৩৮॥খোজৰ শব্দ