পৃষ্ঠা:Khojar Xabda.pdf/২৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

খাটনিয়াৰ দাদাক মই যেনেকৈ জানিছিলোঁ

কবিতা শৰ্মা

খাটনিয়াৰদা নাই, এই কথাটো আজিও মই বিশ্বাসত ল’ব পৰা নাই। বিপুল খাটনিয়াৰৰ কথা কৈছোঁ। মোৰ লগতে আমাৰ বেছিভাগৰে খাটনিয়াৰদা। ১৯৯৫ চনৰ ডিচেম্বৰ মাহৰ কোনোবা এটা ৰাতিপুৱা৷ মই অফিচত জইন কৰাৰ কেইদিনমান পিছৰ কথা৷ তেতিয়া প্ৰায়ভাগ অফিচাৰেই অফিচৰ এখন বাছত গৈছিলোঁ। তেতিয়া আজিকালিৰ দৰে যাতায়াতৰ ইমান সুচল ব্যৱস্থা নাছিল। অফিচলৈ যোৱা বাট-পথৰ অৱস্থাও তথৈবচ। সেয়ে প্ৰায় সকলোৱে বাছখনৰ সুবিধাটো লৈছিল। তেনে এক দিনতে খাটনিয়াৰ দাক প্ৰথম লগ পাইছিলোঁ। মোক সুধিছিল, ‘তুমিয়েই পদ্য নেকি?” মই বেঙাৰ দৰে ভেবা লাগি চাই থকাত ক’লে, ‘তুমি কবিতা নহয় জানো?? সেই যে সম্বন্ধ এটা আৰম্ভ হ’ল মৃত্যুৰ দিনলৈ সেইটো অটুট আছিল।

 ইয়াৰ পিছত ১৯৯৭ চনত খাটনিয়াৰদাৰ লগত কেম্পত থাকিবলৈ সুবিধা পালোঁ। মোৰ কাৰণে টেণ্টত থকাৰ প্ৰথম অভিজ্ঞতা। ভয় কৰোঁ বুলি চকিদাৰ এজনক মোৰ টেণ্টৰ বাহিৰত শুবলৈ দিছিল। কিন্তু সদায় ৰাতি জোকায়, ৰাতি ভূত আহিব ৰ’বা। সেই সময়ৰ লগৰ সহকৰ্মীসকলে তেওঁলোকৰ কেম্পৰ ইনচাৰ্জসকলৰ কথা কৈ থাকে কেনেকৈ সকলো কামত উচ্চ সহকৰ্মীৰ প্ৰভাৱ খটুৱায়। কিন্তু আমি সঁচাকৈ ইমান সৌভাগ্যৱান আছিলোঁ যে খাটনিয়াৰদাই সদায়ে আমাক নিজৰ ভনীয়েকৰ দৰে ব্যৱহাৰ কৰিছিল আৰু কোনোদিনেই টান কথা এটা কৈ নাপালে। সদায় তেওঁ মোক সৰু বাইদেউ বুলি মাতিছিল, যিটো মাত মোৰ এতিয়াও কাণত বাজি থাকে।

 দিনটো ফিল্ডত কাম কৰাৰ পিছত তেওঁ আমাক ফুৰাবলৈ লৈ যায়। কিমান যে চিনেমা চালোঁ, বজাৰ কৰিলোঁ সেই সময়চোৱাত। মোৰ সহকৰ্মী বৰ্ণালী বাইদেউৰ

ল’ৰাটো তেতিয়া সৰু আছিল। তাক কোচত লৈ লৈয়ে কিমান খোজ কাঢ়িলোঁ।

২৩৬॥খোজৰ শব্দ