পৃষ্ঠা:Khojar Xabda.pdf/২৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোৰ দৃষ্টিত খাটনিয়াৰ দা

হেমন্ত বৰগোঁহাই

খাটনিয়াদাক মই ১৯৮৭ চনৰপৰা জানিছিলোঁ। মই দুবছৰমান আৰ্যবিদ্যাপীঠ কলেজত শিক্ষকতা কৰি আহি ভূতত্ত্ব আৰু খনি বিভাগত সহকাৰী ভূতত্ত্ববিদ হিচাপে চাকৰিত যোগদান কৰিছিলোঁ। খাটনিয়াদাই মোক কৈছিল, হেমন্ত, কলেজৰ চাকৰিত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ এক মধুৰ আন্তৰিক সম্পৰ্কৰ মাজত তুমি সোমাই আছিলা। তোমাৰ কলেজত দুখনেই সমাজ — ছাত্ৰ আৰু শিক্ষক। ইয়াত তুমি বেলেগ বেলেগ মানুহ লগ পাবা। ছাত্ৰ-শিক্ষকৰ সম্পৰ্ক নাই ইয়াত। হয়তো, নতুন পৰিৱেশ, নতুন ধৰণৰ মানুহ, নতুন বিষয়, বেলেগ বেলেগ সমাজৰ মানুহবোৰৰ লগত খাপ খাবলৈ মোৰ বহুত দিন লাগিছিল।

 আমি মানে অৰুণ সিন্হা আৰু মই জুৰোডৰ ভাৰা ঘৰত অফিচ থাকোঁতে প্ৰশান্তি বিল্ডিঙত বহিছিলোঁ। তেতিয়া আমি দুটাই খাটনিয়াৰ দা বহা ঠাইৰ ওচৰৰে আন এটা কোঠাত বহিছিলোঁ। অৰুণ সিনহাক খাটনিয়াৰ দাই প্ৰথমৰপৰাই বৰ মৰম কৰিছিল। কিন্তু এটা কথা, বেৰ এখন ৰাখি দূৰত্বও ৰাখি চলিছিল। আপুনি সম্বোধন কৰিছিল আৰু মৰমো অতিপাত কৰিছিল। অৰুণ সিন্‌হা বুলি নহয়, মোৰ ৩৫ বছৰৰ দীঘলীয়া সময়খিনিত খাটনিয়াৰদাই প্ৰয়োজন বুলি যেতিয়া ভাবে, তেতিয়া সকলোকে নিজে পৰাতকৈ অধিক উপকাৰ বা সহায় কৰিছিল। সৰু ডাঙৰ বহুতকে সহায় কৰা দেখা পাইছিলোঁ। এযোৰ চামৰাৰ চেণ্ডেল পিন্ধি পিন্ধি ক্ষয় নোযোৱালৈকে পেলাই নিদিছিল। ইমান খোজ কাঢ়িব পাৰিছিল যে তেওঁৰ লগত খোজ কঢ়া মানুহৰ বাহিৰে আনে ভালকৈ কোৱা টান আছে।

 তেওঁৰ লগত অলপ ঘূৰি ফুৰাৰ বাবেই মই বহুকেইজন বিশিষ্ট ব্যক্তিক খুউব ওচৰৰপৰা লগ পাইছিলোঁ। তেওঁৰ লগত কিছু ঘূৰি ফুৰাৰ বাবেই আলোচনাৰ মাজেৰে

মই বহুত নতুন কথা শিকিব পাৰিলোঁ। অসমৰ কয়লা, চূণশিলৰ বিষয়ে বিশদভাৱে

২৩৪॥ খোজৰ শব্দ