পৃষ্ঠা:Khojar Xabda.pdf/২২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মৃত্যুৱেও বিপুলদাক যথেষ্ট মানসিক কষ্ট দিছিল। বছৰটোৰ মাজভাগৰপৰা যেন বিপুলদাকো শৰীৰটোৱে সহযোগ নকৰা হৈ আহিছিল। চেন্নাইলৈ গৈ চিকিৎসা গ্ৰহণ কৰিলে। গুৰুতৰ কোনো ৰোগ ধৰা পৰা নাছিল, লাহে লাহে ভগ্ন স্বাস্থ্যৰ কিছু উন্নতিও হৈছিল। ইফালে শ্ৰদ্ধাৰ অনিল ৰায়চৌধুৰীদেৱৰ ৰচনাৱলীখনৰ কামো অন্তিম পৰ্যায়ত।

 তাৰ পিছতেই অহা ক'ৰোনাকালীন পৰিস্থিতিয়ে আমাৰ পৰিকল্পনাত আউল লগালে। লকডাউনে কাৰ্যতঃ বন্ধ কৰি পেলালে আমাৰ কাম-কাজ। মই গাঁৱত গৃহবন্দী। বিপুলদাৰ সঘন ফোন, বিশেষ চিন্তা কৰাৰ সলনি বিভিন্ন কামত ব্যস্ত থাকি মন ভালে ৰাখিবলৈ উপদেশ। ঘূৰি আহি কৰিবলগীয়া কামৰ কত পৰিকল্পনা। সেই দুঃসময়ৰ মাজতে ১ মে’, ২০২০ ৰ দিনা আমাক শোকস্তব্ধ কৰি শ্ৰদ্ধাৰ অনিল ৰায়চৌধুৰীদেৱে শেষ নিশ্বাস ত্যাগ কৰিলে। আমি যথেষ্ট হতাশ হ'লোঁ। ৰায়চৌধুৰীদেৱৰ জীৱনকালত আমি তেখেতক গ্ৰন্থখন উপহাৰ দিব নোৱাৰিলোঁ। জুনত মই আহিলোঁ হয় কিন্তু ৰচনাৱলীৰ সলনি আমি স্মৃতিগ্ৰন্থৰ কামতহে লাগিলোঁ। মাজতে কৰোনা পজিটিভ হৈ বিপুলদা পুনৰ অধিক দুৰ্বল হৈ পৰিল। এই অৱস্থাতো তেখেতে কৈছিল, ‘ক’ৰোনাক লৈও বহু খেল আছেহে, লিখিলে এটা ভাল গল্পই হ’ব।’ গল্পটো বোধহয় লিখা হৈ নুঠিল। এই পৰিস্থিতিৰ মাজতেই বিপুলদাই ২০২১ৰ জানুৱাৰীত সম্পাদনা কৰি উলিয়ালে অনিল ৰায়চৌধুৰীদেৱৰ স্মৃতিগ্ৰন্থ ‘স্মৃতিলেখা’।

 পৰৱৰ্তী সময়ত ৰচনাৱলীখনৰ ৰৈ যোৱা কামখিনি শেষ কৰিবলৈ লওঁতেই আহিল সেই দুঃস্বপ্নযেন দুঃসংবাদ। দুৰ্বল কণ্ঠেৰে বিপুলদাই ঘৰলৈ মাতিলে। হেঙেৰাবাৰীত দিনটো কটালোঁ। বৌৱে কোৱা ‘ছমাহমান চিকিৎসা কৰিলে ভাল হৈ যাব বুলি ডাক্তৰে কৈছে’ কথাষাৰত আশ্বস্ত হ’ব খুজিছিলোঁ। অতি দুৰ্বল শৰীৰেৰে বিপুলদাই দিহা-পৰামৰ্শ দি মোক কৈছিল ‘বাকীখিনি তোমাক গতালোঁ’। গৰুবিহুৰ সেই দিনটোৰ সন্ধিয়া হেঙেৰাবাৰীৰপৰা নামি আহিছিলোঁ হেদায়েৎপুৰলৈ৷ পিছদিনা ঘৰলৈ গ'লোঁ৷ পুনৰ আহিল সেই লকডাউনৰ বিভীষিকা। ফোনত সদায় দীঘলীয়াকৈ কথা পতা বিপুলদাই এদিন দুৰ্বল কণ্ঠৰে, ‘ভালে আছানে? কিতাপখন ওলোৱালৈ মই নাথাকিম কিজানি, বাকীখিনি তোমাকে গতালোঁ’ বুলি ক’লে। কথাষাৰে মনত হাহাকাৰ সৃষ্টি কৰিছিল, কৈছিলোঁ, ‘ভাল হৈ যাব বিপুলদা, চিন্তা নকৰিব, কামবোৰ আমি ভালদৰেই সমাপ্ত কৰিম।’

 ৪ জুলাইৰ আবেলি বৌৱে ফোনত কোৱা, ‘তুমি ক’ত আছা? বিপুলদাক ভেণ্টিলেচনত ৰাখিছে, ডাক্তৰে নৌ হোপ বুলি কৈছে’, ‘মই গাঁৱৰ ঘৰতহে আছোঁ

বৌ’ বুলি কোৱাৰ বাহিৰে একো ক’ব পৰা নাছিলোঁ। ইণ্টাৰডিষ্ট্ৰিক লকডাউন, ১

খোজৰ শব্দ॥ ২২৯