পৃষ্ঠা:Khojar Xabda.pdf/২২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লগতে বহুকেইজন সদস্যৰ ব্যক্তিগত গ্ৰন্থ, বিভিন্ন আলোচনী আদি সম্পাদনাৰ উপৰি বৰ্ণাশুদ্ধি পৰ্যন্ত কৰি প্ৰকাশত সহায় কৰি দিয়াটো যেন বিপুলদাৰ বাবে আছিল সাধাৰণ দায়িত্ব, নিজৰ নাম কিন্তু গ্ৰন্থখনৰ ক'তো উল্লেখ নকৰে। লগত থাকে শোভা খনিকৰদা।

 ঘণ্টাৰ পিছত ঘণ্টা মোৰ সোঁফালৰ চকীখনত বহি থাকে বিপুলদা! কামৰ মাজত কথাও চলি থাকে; মোৰ মনত উদয় হোৱা যিকোনো ধৰণৰ প্ৰশ্ন নিঃসংকোচে সুধিব পৰা মানুহজন হৈ পৰে বিপুলদা! কেতিয়াবা অলপ সময়ৰ কাম এটাৰ কাৰণে আহিলেও বহুসময় কথাৰ মাজেৰেই পাৰ হৈ যায়। নতুন গল্প এটা লিখি প্ৰুফটো নিয়াৰ সময়ত মোৰো মন্তব্য বিচাৰে। তেখেতৰ দৰে উচ্চমানৰ গল্পকাৰৰ গল্পৰ ওপৰত কিবা ক’বলৈ যোগ্যতা নাথাকিলেও আমাৰ মাজৰ সম্পৰ্কৰ বলতেই ময়ো নিঃসংকোচে মনত উদয় হোৱা কথাবিলাক প্ৰকাশ কৰিছিলোঁ। মোৰ মন্তব্যকো বিপুলদাই গুৰুত্ব দিয়া দেখি ভাবিছিলোঁ— মন্তব্য বিচৰা জাতীয় কামটো বিপুলদাই কথাৰ কাৰণে কোৱা কথা নাছিল। একো একোটা গল্প ইমানবাৰ ঠিক-ঠাক কৰে আৰু প্ৰুফ কপিটো হাতত দি লাহেকৈ কয়, ‘গালি নাপাৰিবা, সময় অলপ নষ্ট হ’ব তোমাৰ’। মই পিছে সময় নষ্ট হোৱাৰ চিন্তাতকৈ নিৰ্দিষ্ট কাট-কুটখিনিৰ দ্বাৰা গল্পটোৰ উত্তৰণৰ সহযোগী হোৱাৰ মজাতহে মজি আছিলোঁ।

 একো-একোটা গল্পৰ কাৰণে ইমান সময় দিয়ে, তথ্য সংগ্ৰহ কৰে। আমাৰ কথাৰ মাজতো কেতিয়াবা সৰু কাগজ এখনত কিবা এটা টুকি লয়। কেতিয়াবা নতুন গল্প এটা হাতত তুলি দি কয়, ‘পঢ়ি চাবা, তোমাৰ কাহিনী।’ গল্পটো পঢ়ি চাই দেখো মোৰ কাহিনীৰ অকমাণ আভাস এটাহে থাকে, তাৰ লগত কত উপকাহিনীৰ সৃষ্টি কৰি তেখেতে গল্পৰ ৰূপ দিয়ে। বিপুলদাৰ গল্পৰ কাহিনী সৰলৰৈখিক দিশত আগ নাবাঢ়ে। কাহিনী-উপকাহিনীৰ মাজেৰে ঘূৰি-পকি যাওঁতে কেতিয়াবা গল্পবোৰৰ গতি স্তিমিত হৈ যোৱা যেনো লাগে। গল্পবোৰৰ ৰসাস্বাদনৰ বাবে আমাৰ দৰে সাধাৰণ পাঠকৰপৰা যেন অতিৰিক্ত ধৈৰ্যৰ দাবী কৰে। ২০১৬ চনত আমাৰ দ্বাৰা প্ৰকাশ কৰা ‘ঘঁৰিয়ালডাঙাৰ কথা’ সংকলনখন প্ৰকাশৰ পিছত কথাপ্ৰসংগত তেখেতক কথাখিনি কৈছিলোঁ। যিমানদূৰ মনত পৰে ইয়াৰ পিছত বিপুলদাই মোৰ হাতত তুলি দিয়া গল্পটো আছিল ‘স্পৰ্শ’।

 মনত উদয় হোৱা সৰু-ডাঙৰ যিকোনা ধৰণৰ প্ৰশ্ন বা আঁসোৱাহ থাকিলে একেবাৰে নিঃসংকোচে সুধিব পৰা মানুহজনে মোৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ দি মোক আশ্বস্ত কৰিছিল! কথাৰ মাজতে অসমৰ এজন অতি জনপ্ৰিয় কণ্ঠশিল্পী সম্পৰ্কে

মই তেখেতক কথা এষাৰ ক'লোঁ। কিছু সময় মনে মনে থাকি লাহেকৈ তেখেতে

২২৬॥ খোজৰ শব্দ